অসম

assam

By

Published : Sep 18, 2020, 6:25 PM IST

ETV Bharat / state

হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ

মহিলা কলেজৰ মূল প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে। ইপিনে,কলেজ অধ্যক্ষ নন্দিনী দাস ধৰে এই বিষয়ত মন্তব্য আগবৰাই কয় যে কলেজ পৰিচালনা সমিতিয়েহে এই মাছুল নিৰ্ধাৰণ কৰি দিছে।

হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ
হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ

হাইলাকান্দি, 18 চেপ্টেম্বৰ : কলেজৰ গেটত তলা ওলমাই প্ৰতিবাদত বহিল ছাত্ৰী। কৰ’ণা মহামাৰীৰ সময়তেই এইবাৰ বৰ্ধিত মাছুল কম কৰাৰ দাবীত প্ৰতিবাদমুখী হৈ পৰিছে হাইলাকান্দি মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী ৷

হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ

দীৰ্ঘদিন ধৰি চলি থকা লক ডাউনৰ ফলত আয় শূন্য হৈ পৰিছে দেশৰ অধিকাংশ দৰিদ্ৰ পৰিয়াল ৷ ইপিনে হাইলাকান্দি মহিলা কলেজত ভৰ্তি ৪২০০ টকালৈ বৃদ্ধি কৰিছে ভৰ্তি মাছুল ৷ অৱশেষত উপায়ন্তুৰ হৈ শুকুৰবাৰে আন্দোলনত বহে মহাবিদ্যালয়ৰ ছাত্ৰী সকল। উল্লেখ্য যে মহিলা কলেজৰ মূল প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰী সকলে। ইপিনে,কলেজJ অধ্যক্ষ নন্দিনী দাস ধৰে এই বিষয়ত মন্তব্য আগবঢ়াই কয় যে কলেজ পৰিচালনা সমিতিয়েহে এই মাছুল নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পূৰ্বে ছাত্ৰী সকলৰ অনুৰোধত ১০০০ টকা কম কৰা হৈছে ভৰ্তি মাছুল ।

লগতে পঢ়ক :লুধিয়ানাত উত্তৰ ভাৰতৰ প্ৰথমটো কুকুৰৰ ব্লাড বেংক

ABOUT THE AUTHOR

...view details