অসম

assam

হাইলাকান্দি আৰক্ষীৰ পূজাত ব্যতিক্ৰমী চিন্তা

By

Published : Oct 5, 2019, 9:54 AM IST

অভূতপূৰ্ব থিমেৰে দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ হাইলাকান্দি আৰক্ষীৰ ৷ পৰিবেশ সজাগতাৰ পদক্ষেপ ৷

হাইলাকান্দি আৰক্ষীৰ পূজাত জলসংৰক্ষণৰ সজাগতা

হাইলাকান্দি, 5 অক্টোবৰ: হাইলাকান্দি জিলা আৰক্ষী দুৰ্গাপূজ‍া কমিটিয়ে 'জল সংৰক্ষণ 'ৰ এক ব্যতিক্ৰমী থিমেৰে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ পৃথিৱীত খোৱাপানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই বৰষুণৰ পানীৰ সংৰক্ষণৰ চিন্তাধাৰাৰে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ।

বিশেষকৈ উত্তৰ-পূবৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্যসমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে । হাইলাকান্দি আৰক্ষী বিষয়া আৰু জোৱানসকলে মিলিত হৈ আয়োজন কৰা এই পূজাখনত ব্যতিক্ৰমী চিন্তাধাৰা প্ৰত্যক্ষ কৰিবলৈ ষষ্ঠীৰ পৰাই ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে।

মহাষষ্ঠীৰ সন্ধিয়া আনুষ্ঠানিকভাৱে মণ্ডপৰ উদ্বোধন কৰে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথে। উদ্বোধনৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে এনে চিন্তাই ৰাইজৰ মাজত খোৱাপানীৰ সংৰক্ষণকলৈ সচেতনতাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

হাইলাকান্দি আৰক্ষীৰ পৰিবেশ সজাগতাৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details