অসম

assam

ETV Bharat / state

হাইলাকান্দিত পুনৰ চুৰিকাণ্ড

হাইলাকান্দিত চোৰৰ উপদ্ৰৱ ৷ মাত্ৰ 10 দিনৰ ভিতৰতেই হাইলাকান্দি নগৰত সংঘটিত হৈছে তৃতীয়টো চুৰিৰ ঘটনা । নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন ।

হাইলাকান্দিত পুনৰ চুৰিকাণ্ড
হাইলাকান্দিত পুনৰ চুৰিকাণ্ড

By

Published : Sep 21, 2020, 6:57 PM IST

হাইলাকান্দি, 21 ছেপ্তেম্বৰ : হাইলাকান্দিত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা ৷ মাত্ৰ 10 দিনৰ ভিতৰতেই হাইলাকান্দিৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে তিনিটাকৈ চুৰিকাণ্ড ৷ দেওবাৰে পুনৰ ৰবীন্দ্ৰ স্মৰণী অঞ্চলত সংঘটিত হয় চুৰি কাৰ্য ৷ আনহাতে ইয়াৰ পূৰ্বে 11 ছেপ্তেম্বৰত লক্ষীচহৰ আৰু 17 ছেপ্তেম্বৰত নতুনপাড়াত সংঘটিত হৈছিল দুটাকৈ চুৰি ঘটনা ৷

হাইলাকান্দিত পুনৰ চুৰিকাণ্ড

উল্লেখ্য যে,১০ দিনৰ ভিতৰতে হাইলাকান্দি সদৰ থানাৰ 1 কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰতে তৃতীয়টো বাসগৃহত চলিল চোৰৰ তাণ্ডৱ । উল্লেখ্য যে,হাইলাকান্দি নগৰৰ ৰবীন্দ্ৰ স্মৰণী এলেকাৰ সুষেন নাথ পৰিয়ালৰ সকলো সদস্যৰ সৈতে তিনি দিনৰ বাবে গৈছিল শিলচৰলৈ ।

কিন্তু তিনিদিনৰ পাচত যোৱা নিশা ঘৰলৈ উভিত আহি চুৰিকাণ্ডৰ বিষয়ে অৱগত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈয়ে চোৰে চলাই চুৰি কাৰ্য। মাত্ৰ 10 দিনৰ ভিতৰতেই হোৱা এই তিনিটাকৈ চুৰিৰ ঘটনাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে হাইলাকান্দি নগৰত। আনকি আৰক্ষীৰ ভূমিক‍ালৈও উত্থাপন হৈছে বহু প্ৰশ্নৰ ।

লগতে চাওক-গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাণ্ডত সচকিত ৰাইজ

ABOUT THE AUTHOR

...view details