অসম

assam

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

By

Published : Aug 26, 2019, 1:52 PM IST

হাইলাকান্দিৰ ধলাই গড়কাপ্তানি পথ আৰু ধলাই বাগানৰ সৈতে কাঠলিছেড়া সংযোগী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷ পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

হাইলাকান্দি, 26 আগষ্টঃ হাইলাকান্দিৰ ধলাই গড়কাপ্তানি পথ আৰু ধলাই বাগানৰ সৈতে কাঠলিছেড়া সংযোগী পথৰ দুৰৱস্থা । জিলাখনৰ কাঠলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেই ধলাই চিকিৎসালয়,বাগান,আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠান সংযোগী একমাত্ৰ পথ। কিন্তু বিগত ১৫ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰিছে পথটো। স্থানীয় ৰাইজে পথটোৰ উন্নয়নৰ বাবে বহুবাৰ দাবী কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

পথ নিৰ্মাণৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

বিগত তিনি বছৰে বিধায়ক গৰাকীয়ে পথটো উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে যদিও কোনো দিনেই কাৰ্যত পৰিণত নোহোৱাৰ অভিযোগ৷ সেয়েহে এতিয়া পথটো নিৰ্মাণৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ৷ লগতে বিধায়ক সুজাম উদ্দিন, গড়কাপ্তানি মন্ত্ৰী তথা বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

ABOUT THE AUTHOR

...view details