অসম

assam

By

Published : Mar 12, 2020, 11:41 PM IST

ETV Bharat / state

হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

বিগত বৰ্ষৰ মে’ মাহত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে হাইলাকান্দি চহৰ ৷ ঘটনাক কেন্দ্ৰ কৰি আলগাপুৰ বজাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

CM EFFIGY BURN AT HAILAKANDI ASSAM ETV BHARAT NEWS
পুত্তলিকা দাহ

হাইলাকান্দি,12 মাৰ্চঃ বিগত বৰ্ষৰ ১০মে’ত সংঘটিত এটা সামান্য ঘটনাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতে জোকাৰি গৈছিল হাইলাকান্দি । এই সংঘাতৰ ফলত আৰক্ষীৰ গুলীত নিহত হৈছিল এগৰাকী যুৱক । লগতে আহত হৈছিল আন ৫গৰাকী লোক । প্ৰায় এবছৰৰ পিছত পুনৰ খবৰৰ শিৰোনামা দখল কৰিছে উক্ত ঘটনাই ৷ ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াৰ স্বীকাৰোক্তিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ । ঘটনাটোত এ এছ আই টিংকু গোস্বামী জড়িত থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে চহৰখনত ।

পুত্তলিকা দাহ

ঘটনা সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়ক সুজাম উদ্দিন আৰু আনোৱাৰ হুছেইনে টিংকু গোস্বামীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছিল । বিপৰীতে ৰাজ্য চৰকাৰে টিংকু গোস্বামীক হাইলাকান্দিৰ পৰা গুৱাহাটীস্থিত চি আই ডি বিভাগলৈ বদলি কৰে ৷ গোস্বামীক ৰাজ্য চৰকাৰৰ লগতে গৃহ বিভাগে নিৰাপত্তা প্ৰদানৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে আলগাপুৰ বজাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

লগতে চাওকঃকৰ'ণাৰ প্ৰভাৱ : কলা বজাৰত বিক্ৰী হৈছে মাস্ক

ABOUT THE AUTHOR

...view details