কৰিমগঞ্জ, 16 জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হ’ল বনভোজকাৰীৰ বাহনৰ দুৰ্ঘটনা ৷ এইবাৰ হাইলাকান্দিত দুৰ্ঘটনাত পতিত হয় বনভোজকাৰীক লৈ লোৱা এখন ট্ৰেভেলাৰ গাড়ী ৷ দুৰ্ঘটনাটোৰ ফলত আহত হয় শিশুসহ 20 গৰাকী লোক ৷
মঙলবাৰে হাইলাকান্দিত সংঘটিত দুৰ্ঘটনাটোত আহত অধিকাংশই ছাত্ৰ-ছাত্ৰী ৷ জানিব পৰা মতে হাইলাকান্দিৰ 7 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰবেগত গৈ আছিল বনভোজকাৰীৰ গাড়ীখন ৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন এল্ট’ গাড়ীত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে তীব্ৰবেগী ট্ৰেভেলাৰ গাড়ীখনে ৷ ফলত পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে বনভোজকাৰীৰ গাড়ীখন ৷
উল্লেখ্য যে হাইলাকান্দি জিলাৰ কটাখাল কালিগড় অঞ্চলৰ পৰা শিক্ষাৰ্থীসকলক বনভোজৰ বাবে লৈ গৈছিল ট্ৰেভেলাৰ গাড়ীখন ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে যুদ্ধকালিনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত হাইলাকান্দি আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হয় ।