গোলাঘাট, 11 ডিচেম্বৰ :গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ কাষৰীয়া বহুতো অঞ্চলত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Nambar) ৷ থূৰামুখ চাহ বাগিচাত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ ৷
এটা বৃহৎ বনৰীয়া হাতীৰ জাকে বহুদিন ধৰি মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই ৰাইজক আতংকিত কৰি আহিছে ৷ শুকুৰবাৰে নিশা নামবৰ বনাঞ্চলৰ কাষৰীয়া জুৰীয়া দলং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ থূৰামুখ অঞ্চলত হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে (man elephant conflict) ৷