অসম

assam

ETV Bharat / state

লক ডাউনত আৰম্ভ হোৱা প্ৰেমৰ যৱনিকা পৰিল গোলাঘাট বাছ ষ্টেণ্ডত

গোলাঘাটত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ পত্নীৰ চক্ৰান্তৰ বলি এজন যুৱক কাষ চাপিল গোলাঘাট জিলা সাংবাদিক সন্থাৰ ৷

By

Published : Nov 20, 2020, 8:12 PM IST

Updated : Nov 20, 2020, 9:25 PM IST

as_glt_801_wife_cheats_husband_vis_as10024
লক ডাউনত আৰম্ভ হোৱা প্ৰেমৰ যৱনিকা পৰিল গোলাঘাট বাছ ষ্টেণ্ডত

গোলাঘাট, 20 নৱেম্বৰঃ গোলাঘাটৰ ভিন্ন প্ৰান্তত পত্নীক বিচাৰি হাহাকাৰ এজন যুৱকৰ ৷ বিবাহৰ সাত মাহ পিছত পিতৃ গৃহলৈ আহি সন্ধানহীন পত্নী ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাটত ৷ দীপজ্যোতি কলিতা নামৰ তেজপুৰৰ এজন যুৱকে পত্নীৰ সন্ধানত গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় শুকুৰবাৰে ৷ ঘটনা অনুসৰি লক ডাউনৰ পূৰ্বে গোলাঘাটৰ গীতাশ্ৰী গগৈ নামৰ যুৱতীগৰাকীৰে চিনাকি হৈছিল দীপজ্যোতিৰ ৷ ইয়াৰ পিছতে দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক ৷ আৰু তাৰ ফলশ্ৰুতিতে গীতাশ্ৰীক পলুৱাই নি বিয়া পাতি পত্নীৰ মৰ্যদা দিয়ে দীপজ্যোতিয়ে ৷

লক ডাউনত আৰম্ভ হোৱা প্ৰেমৰ যৱনিকা পৰিল গোলাঘাট বাছ ষ্টেণ্ডত

এইপৰ্যন্ত সকলো থিকেই আছিল ৷ কিন্তু বিয়াৰ 7 মাহ পিছত গীতাশ্ৰীয়ে দীপজ্যোতিক মাকৰ ঘৰলৈ যাবলৈ লগ ধৰে ৷ ফলত বিগত 18 নৱেম্বৰত দুয়ো গোলাঘাটত আহি উপস্থিত হয় ৷ গোলাঘাটত উপস্থিত হৈ গীতাশ্ৰীয়ে বাথৰূমলৈ বুলি ওলাই যায় যদিও উভটি নহাত চিন্তিত হৈ পৰে দীপজ্যোতি ৷ চাৰিওকাষে পত্নীক বিচাৰি নাপাই অৱশেষত গীতাশ্ৰীয়ে দিয়া মাকৰ ঘৰৰ ঠিকনা বিচাৰি কমাৰবন্ধাত উপস্থিত হয় ৷ কিন্তু গীতাশ্ৰীৰ মাকৰ ঘৰৰো কোনো সন্ধান লাভ নকৰে দীপজ্যোতিয়ে ৷ অৱশেষত উপায়ন্তৰ হৈ গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় দীপজ্যোতি ৷

পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰে দীপজ্যোতিয়ে ৷ আনহাতে,দীপজ্যোতিয়ে উল্লেখ কৰা অনুসৰি যোৱাৰ সময়ত গীতাশ্ৰীৰ তাত দুখনকৈ বেগ আছিল ৷ য’ত প্ৰায় 15 হাজাৰ নগদ ধনো আছিল ৷ অৱশেষত আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহে ৷ দীপজ্যোতি গীতাশ্ৰীৰ চতুৰ্থ স্বামী ৷ ইয়াৰ পূৰ্বে দ্বিতীয় স্বামীৰ পৰা গীতাশ্ৰীৰ আছে দুটাকৈ সন্তান ৷ ইয়াৰ উপৰিও নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত গীতাশ্ৰী ৷ সম্প্ৰতি গীতাশ্ৰীৰ সন্দৰ্ভত তদন্ত চলাই আছে গোলাঘাট আৰক্ষীয়ে ৷

লগতে পঢ়ক-আত্মৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী লৈ চিঠি ছাত্ৰীৰ

Last Updated : Nov 20, 2020, 9:25 PM IST

ABOUT THE AUTHOR

...view details