গোলাঘাট, 20 ডিচেম্বৰ : গোলাঘাটত আৰক্ষীৰ বাহিনীক অস্তিত্ব বিহীন কৰি এতিয়া চোৰৰ দপদপনি চলিছে বুলি উঠিছে অভিযোগ । নিজৰ কষ্টোপাৰ্জিত সম্পত্তি ৰক্ষা কৰাৰ চিন্তাত এতিয়া টোপনি হৰিছে চহৰখনৰ সাধাৰণ জনতাৰ(Thief in Golagaht ) । ইফালে, চহৰখনত নিতৌ সংঘটিত চুৰি কাৰ্য ৰোধৰ প্ৰতি আৰক্ষী প্ৰশাসন মুঠেই চিন্তিত নহয় বুলিও অভিযোগ কৰিছে ৰাইজে(Thief activity in Golaghat) । পিছে আৰক্ষীৰ এই নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাটত চোৰে দুগুণে চলাই গৈছে চাফাই অভিযান ।
চহৰখনত নিশা আৰক্ষী নহয় চোৰৰহে টিঘিল-ঘিলনি চলে বুলি অভিযোগ ৰাইজৰ (Police failing to catch thief in Golaghat) । একেদৰে দেওবাৰে নিশাও চহৰখনৰ নতুন আমোলাপট্টীৰ পৰা চুৰি হয় এখন পালচাৰ বাইক । অঞ্চলটোত ভাৰাতীয়া হিচাপে থকা অভিজিত বৰা নামৰ যুৱকজনৰ ঘৰৰ চাৰিবেৰাৰ ভিতৰৰ পৰা চোৰে লৈ যায় যুৱকজনৰ বাহনখন (Bike stolen from Golaghat) ।