অসম

assam

ETV Bharat / state

আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ

আইন ৰক্ষকৰ হাতত প্ৰাণ গ'ল অভিযুক্তৰ । গোলাঘাটত মাৰপিটৰ ঘটনাৰ লগত জড়িত অভিযুক্ত আচামীক আৰক্ষীৰ থানাত অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ পত্নীৰ ।

The accused died at the hands of law enforcement
আইন ৰক্ষক আৰক্ষীৰ হাতত প্ৰাণ গ'ল অভিযুক্তৰ

By

Published : Jun 18, 2021, 1:55 PM IST

Updated : Jun 18, 2021, 2:01 PM IST

গোলাঘাট, 18 জুন : গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাত আচামীক অকথ্য নিৰ্যাতনৰ অভিযোগ । মাৰপিটৰ ঘটনাৰ লগত জড়িত মনজিৎ গগৈ নামৰ অভিযুক্ত জনক আৰক্ষীয়ে হত্যা কৰে বুলি অভিযোগ মৃত মনজিৎ গগৈৰ পত্নীৰ ।

জানিব পৰা মতে, গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মনজিৎ গগৈ নামৰ লোকজনক এক মাৰপিটৰ গোচৰৰ ভিত্তিত জামুগুৰি আৰক্ষী (Jamuguri Police) য়ে 11 জুন তাৰিখে আটক কৰিছিল । আটকাধীন অভিযুক্তক 12 জুনত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । কিন্তু জেললৈ প্ৰেৰণ কৰাৰ পিছতেই কাৰাগাৰ কৰ্তৃপক্ষই মনজিৎক গোলাঘাট অসামৰিক চিকিৎসালয় (Golaghat Civil Hospital)লৈ প্ৰেৰণ কৰে ।

অৱস্থা গুৰুত্বৰ দেখি গোলাঘাট চিকিৎসালয়ৰ (Golaghat Civil Hospital) পৰা মনজিৎক যোৰহাট মেডিকেল কলেজ (JMCH) লৈ প্ৰেৰণ কৰা হয় । আনহাতে, যোৰহাট মেডিকেল কলেজত (JMCH) 16 জুনৰ দুপৰীয়া ভাগত অভিযুক্ত মনজিতক মৃত বুলি জানিব দিয়ে চিকিৎসকে ।

আইন ৰক্ষকৰ হাততে প্ৰাণ গ'ল অভিযুক্তৰ

উল্লেখ্য যে, মনজিতৰ দেহৰ বিভিন্ন অংশত মাৰপিট কৰাৰ দাগ সুস্পষ্ট । ইপিনে জামুগুৰি আৰক্ষী থানা (Jamuguri Police station))ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুবিন চন্দ্ৰ দাসে এই কথা নস্যাৎ কৰিছে । আৰক্ষীয়ে জনোৱা মতে, জেলত চমজাই দিয়ালৈকে মনজিতৰ দেহত কোনো দাগ নাছিল । মনজিৎৰ এনে ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, 2019 বৰ্ষতো দলঙৰ ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মহিলা কনিষ্টবলে নিৰ্যাতন চলাইছিল তিনিগৰাকীকৈ মহিলাক ৷ লাভ জিহাদৰ অভিযোগত অভিযুক্তৰ খবৰ লাভ নকৰি তেওঁৰ তিনি ভনীয়েকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ ইয়াৰ পিছতেই এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দশে দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে অভিযুক্ত বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনীতা বড়োক নিলম্বন কৰা হৈছিল ৷

ইয়াৰ পিছতেই গোলাঘাটৰ এই ঘটনাই পুনৰ অসম আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷ সম্প্ৰতি মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পিছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব ৷ ৰিপোৰ্টত মনজিৎ গগৈৰ পত্নীৰ অভিযোগ সত্য প্ৰমাণিত হ’লে এইক্ষেত্ৰত অসম আৰক্ষী সঞ্চালক প্ৰধান তথা গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : আনন্দ মিশ্রৰ বিৰুদ্ধে আৰম্ভ হৈছে ষড়যন্ত্ৰ !

Last Updated : Jun 18, 2021, 2:01 PM IST

ABOUT THE AUTHOR

...view details