অসম

assam

ETV Bharat / state

খুমটাই আৰক্ষী চকীৰ উদ্যোগত স্বচ্ছ অভিযান

এইবাৰ এক ব্যতিক্ৰমী ৰূপত খুমটাই আৰক্ষী প্ৰশাসন৷ বন্দুকৰ সলনি হাতত তুলি ল’লে ঝাড়ু ৷

By

Published : Aug 26, 2019, 3:01 PM IST

খুমটাই আৰক্ষী চকীৰ উদ্যোগত স্বচ্ছ অভিযান

কমাৰগাওঁ, 26 আগষ্টঃ হাতত বন্দুক লৈ পুলিচ প্ৰশাসনে জনতাক সুৰক্ষা প্ৰদান কৰি অহা আমি সকলোৱে দেখি আহিছো৷ কিন্তু এইবাৰ এক ব্যতিক্ৰমী ৰূপত প্ৰশাসন৷ বন্দুকৰ সলনি হাতত তুলি ল’লে ঝাড়ু৷

খুমটাই আৰক্ষী চকীৰ উদ্যোগত স্বচ্ছ অভিযান
কমাৰগাওঁ ,খুমটাই আৰক্ষী চকীৰ উদ্যোগত গাওঁৰক্ষী বাহিনী,দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কায্যৰ্সূচিৰে পালন কৰে স্বচ্ছ অভিযান৷ খুমটাইৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, থানা চৌহদৰ লগতে ঐতিহাসিক ধোদৰ আলিৰ খুমটাই চাৰিয়ালিৰ পৰা স্বহীদ জিন্তূ গগৈৰ সমাধি ক্ষেএলৈ ৰূপায়ন কৰা হয় এই চাফাই অভিযান৷ এই কায্যৰ্সূচি ত অংশগ্ৰহণ কৰে কমাৰগাওঁ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ,খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু খুমটাই জিলাপৰিষদৰ সদস্য মুনিন্দ্ৰ মোহন গগৈয়ে৷ এই চাফাই অভিযানৰ জৰিয়তে সমগ্ৰ অঞ্চল বাসীৰ মাজত স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতা অনাৰ লগতে প্লাষ্টিক বৰ্জনৰ বাবেও আহ্বান জনায় বিষয়া কেইগৰাকীয়ে৷ চফাই অভিয়ানৰ লগতে খুমটাই আৰক্ষী চকীৰ চাৰিওকাষে বিভিন্ন গছপুলিও ৰোপন কৰা হয়৷

For All Latest Updates

ABOUT THE AUTHOR

...view details