অসম

assam

ETV Bharat / state

ফৰকাটিং ধৰ্ষণকাণ্ডঃ বিহাৰৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত ৰতন ৰয়

"বিগত ২২ মে'ত ফৰকাটিংৰ এটা ৰাইচ মিলৰ শ্ৰমিকৰ আৱাস গৃহত মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত ২৩ মে'ত কোঠাটোত তলা লগাই বিহাৰলৈ পলাই গৈছিল অভিযুক্ত ৰাম ৰতন ৰায় আৰু লক্ষণ মণ্ডল । ২৬ মে'ত বন্ধ কোঠাটোৰ পৰা গোন্ধ ওলোৱাত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ"

By

Published : Jun 3, 2019, 8:23 PM IST

ফৰকাটিং ধৰ্ষণকাণ্ডঃ বিহাৰত গ্ৰেপ্তাৰ 1

ফৰকাটিং ধৰ্ষণকাণ্ডঃ বিহাৰত গ্ৰেপ্তাৰ 1

গোলাঘাট, 3 জুনঃ গোলাঘাট আৰক্ষীৰ সফলতা । ফৰকাটিঙত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰি পলায়ন কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ । বিগত ২৬ মে'ত মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজনক গ্ৰেপ্তাৰ । বিহাৰৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত ৰাম ৰতন ৰয়ক ৷ আনহেত বৰ্তমান পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আন এগৰাকী অভিযুক্ত লক্ষণ মণ্ডল ।

উলেখ্য যে, বিগত ২২ মে'ত ফৰকাটিংৰ এটা ৰাইচ মিলৰ শ্ৰমিকৰ আৱাস গৃহত মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত ২৩ মে'ত কোঠাটোত তলা লগাই বিহাৰলৈ পলাই গৈছিল অভিযুক্ত ৰাম ৰতন ৰায় আৰু লক্ষণ মণ্ডল । ২৬ মে'ত বন্ধ কোঠাটোৰ পৰা গোন্ধ ওলোৱাত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ । ফৰকাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল জলিলে বিহাৰ আৰক্ষীৰ সহযোগত বিহাৰৰ চিতামাৰী জিলাৰ চিৰখণ্ডী ভিঠাৰ বাসগৃহৰ পৰা ৩১ মে'ৰ নিশা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী ৰাম ৰতন ৰায়ক । আনহাতে, দেওবাৰে নিশা হত্যাকাৰীক লৈ গোলাঘাটত উপস্থিত হয় আৰক্ষীৰ দলটো ।


২২ মে'ৰ পুৱা ফৰকাটিং ষ্টেচনৰ পৰা সন্ধানহীন হৈছিল নাহৰকটীয়াৰ মহিলা গৰাকী । ফৰকাটিংত প্ৰসাৱ কৰিবলৈ যাঁও বুলি স্বামীৰ কাষৰ পৰা নামি গৈছিল । তেতিয়াৰ পৰাই সন্ধানহীন হৈ পৰিছিল মহিলা গৰাকী । ফৰকাটিংৰ ৰাজেন্দ্ৰ আগৰৱালাৰ ৰাইচ মিলত সোমাবলৈ চেষ্টা কৰাৰ দৃশ্য বন্দী হৈছিল চি চি টি ভিৰ ফুটেজত । মহিলা গৰাকীক আশ্ৰয় দিয়াৰ কৌশলেৰে বিহাৰৰ দুই শ্ৰমিক ৰাম ৰতন ৰায় আৰু লক্ষণ মণ্ডলে নিজৰ কোঠালৈ নিয়া বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । দুই অভিযুক্তই মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ঘটনাৰ পিছদিনাই চুটি লৈ বিহাৰলৈ পলাই গৈছিল দুই অভিযুক্তই । অৱশেষত ফৰকাটিং আৰক্ষী চকীৰ এটা দল বিহাৰলৈ গৈ অভিযুক্ত ৰাম ৰতন ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও অন্য এটা এতিয়াও পলাতক হৈয়ে আছে । ধৃত ৰাম ৰতনক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ খাতিৰত এতিয়াও আৰক্ষীয়ে সবিশেষ জনোৱাৰ পৰা বিৰত আছে ।

ABOUT THE AUTHOR

...view details