প্ৰশ্নকাকতক লৈ নহয়,পৰীক্ষাৰ সময় সূচীক লৈ বেমেজালি ছেবাৰ
গোলাঘাট জিলাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা HSLC কম্পাৰ্টমেন্টেল পৰীক্ষাৰ সময়সূচী দুখন হোৱাৰ কাৰণে পৰীক্ষাকেন্দ্ৰটোৰ ২৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হয়
সৰুপথাৰ,৪ জুলাইঃ ছেবাৰ কাণ্ডজ্ঞানহীনতা আৰু প্ৰধান শিক্ষকৰ হেমাহীৰ বাবেই পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ২৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। অভিযোগ অনুসৰি,গোলাঘাট জিলাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা HSLC কম্পাৰ্টমেন্টেল পৰীক্ষাৰ সময়সূচী দুখন হোৱাৰ কাৰণে পৰীক্ষাকেন্দ্ৰটোত এনে ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে,সৰুপথাৰৰ চুকীয়াপথাৰ শ্বহীদ কুঁশল কোঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষক স্বাক্ষৰিত প্ৰথমখন সময়সূচীমতে ৬ জুলাইত হিন্দী পৰীক্ষা আছিল যদিও ছেবাই দিয়া সময় সূচীমতে ২ জুলাইতহে হিন্দী পৰীক্ষাৰ দিন ধাৰ্য কৰা আছিল। ইয়াৰ ফলত বৃহস্পতিবাৰে ইংৰাজী পৰীক্ষা দিবলৈ আহি ছাত্ৰ ছাত্ৰীসকলে নতুন সময়সূচীৰ কথা গম পাই বিমোৰত পৰে ৷ ইফালে,পৰীক্ষাকেন্দ্ৰটোৰ মুৰব্বীয়ে জানিবলৈ দিয়ামতে পৰীক্ষাৰ মাত্ৰ কেইটামান দিনৰ আগতহে ছেবাৰ পৰা অহা দ্বিতীয়খন সময়সূচী তেওঁলোকে লাভ কৰিছিল আৰু লগে লগে উক্ত সময়সূচীখন বিতৰণ কৰা হৈছিল। কিন্তু ইয়াৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে নতুন সময়সূচী লাভ কৰা নাছিল বুলি অভিযোগ কৰে। ইতিমধ্যে স্থানীয় আছুৰ নেতৃত্বই সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ লগতে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা সকলৰ শাস্তিৰ দাবী জনাইছে ৷