অসম

assam

ETV Bharat / state

পৰ নাৰীৰে অবৈধ সম্পৰ্ক, ৰাইজে ধৰিলে ৰাজদ্বীপক

গোলাঘাট জিলাৰ পদুমণি বনগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজদ্বীপ গগৈ নামৰ লোকজনক ৷ 7 বছৰীয়া কন্যা সন্তানৰ পিতৃগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে চলাই গৈছিল অবৈধ সম্পৰ্ক ৷ যাৰ বাবে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৰাজদ্বীপক ৷

By

Published : Nov 20, 2019, 8:01 PM IST

Updated : Nov 20, 2019, 8:21 PM IST

অবৈধ সম্পৰ্কৰ বাবে গ্ৰেপ্তাৰ ৰাজদ্বীপ

গোলাঘাট, 20 নৱেম্বৰঃ মঙলবাৰৰ নিশা উত্তপ্ত হৈ পৰে গোলাঘাট জিলাৰ পদুমণি বনগাঁও ৷ এদল পুৰুষ মহিলাই আবদ্ধ কৰি প্ৰহাৰ কৰে ৰাজদ্বীপ গগৈ নামৰ এগৰাকী বিবাহিত লোকক ৷ অঞ্চলটোৰ হেমন্ত হাজৰিকা নামৰ লোকজনৰ পত্নী গৰাকী বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ৷ মঙলবাৰে মহিলাগৰাকীৰ নিজৰ ভাতৃয়ে উদ্ধাৰ কৰি নিজৰ ঘৰত ৰাখে ৷ এনে অৱস্থাত বনগাঁৱৰ পতিৰ ঘৰৰ কাষতে এখন স্কুটীত অহা জোনাকী নগৰৰ ৰাজদ্বীপ গগৈনামৰ লোকজনক সন্দেহজনক অৱস্থাত কৰায়ত্ত কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ আগত মহিলাগৰাকীৰ সৈতে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰে ৰাজদ্বীপে ৷ আনহাতে ৰাইজে কৰায়ত্ত কৰাৰ সময়টো মহিলাগৰাকীৰ সৈতে ফোনত কথা পাতি আছিল ৰাজদ্বীপে ৷ ইতিমধ্যে ৰাজদ্বীপক গোলাঘাট আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে ৷

অবৈধ সম্পৰ্কৰ বাবে গ্ৰেপ্তাৰ ৰাজদ্বীপ
Last Updated : Nov 20, 2019, 8:21 PM IST

ABOUT THE AUTHOR

...view details