অসম

assam

NRL সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়ালৈ স্মাৰকপত্ৰ

By

Published : Oct 19, 2019, 6:59 PM IST

পূঁজিবাদী নৰেন্দ্ৰ মোডী নেতৃত্বধীন BJP চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত ৷ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আম্বানী-আদানীৰ দৰে উদ্যোগপতিৰ স্বাৰ্থত ইটোৰ পিচত সিটো লাভজনক প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবলৈ সিদ্ধান্ত লৈছে মোডী চৰকাৰে ৷ ঐতিহাসিক অসম চুক্তিৰ ফলশ্ৰুতিত জন্ম পোৱা NRLক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক স্মাৰকপত্ৰ প্ৰদান কৰে NRLৰ কৰ্মচাৰী পৰিষদে ৷

বিধায়ক মৃণাল শইকীয়াক NRL কৰ্তৃপক্ষৰ স্মাৰকপত্ৰ প্ৰদান

গোলাঘাট,19 অক্টোবৰঃ অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে মোডী নেতৃত্বাধীন BJP চৰকাৰে ৷ BPCLৰ 60 শতাংশ আৰু অসম চৰকাৰৰ মাত্ৰ 12 শতাংশ অংশীদাৰিত্ব থকা প্ৰতিষ্ঠানটোক ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছে ৷ অসমৰ বহুসংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপন প্ৰদান কৰা প্ৰতিষ্ঠানটো একমাত্ৰ ব্যক্তিগত পূঁজিপতি গোষ্ঠীৰ স্বাৰ্থতে বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

বিধায়ক মৃণাল শইকীয়াক NRL কৰ্তৃপক্ষৰ স্মাৰকপত্ৰ প্ৰদান

লগতে পঢ়কঃ হিতেন্দ্ৰ নাথ গোস্বামীক সাক্ষাৎ নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ

দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান BPCLক বিক্ৰী কৰিবলৈ লোৱাৰ বাবেই এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে নুমলীগড় শোধনাগাৰ ৷ যিহেতু নুমলীগড় শোধনাগাৰত ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্যন লিমিটেডৰ 60 শতাংশ অংশীদাৰিত্ব আছে সেয়েহে BPCL বিক্ৰীৰ লগে লগেই ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যাব শোধনাগাৰটো ৷

লগতে পঢ়কঃ নুমলীগড় তেল শোধনাগাৰ চৌহদত অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ তীব্ৰ প্ৰতিবাদৰ লগতে খোদ মুখ্যমন্ত্ৰীয়ে এইসন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তলব কৰিছে ৷ বিগত 14 অক্টোবৰত এই সম্বন্ধে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰেৰণৰ পিচটো গোলাঘাটস্থিত নুমলীগড় শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ অব্যাহত আছে ৷ দেশত ভয়ংকৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে চৰকাৰক বৃহৎ হাৰে লাভাংশ প্ৰদান কৰিবলৈ সক্ষম হোৱা এইসমূহ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৷

লগতে পঢ়কঃ NRLৰ ভৱিষ্যৎ সম্পৰ্কে কেন্দ্ৰলৈ পত্ৰ সোণোৱালৰ

ইতিমধ্যে শোধনাগাৰৰ কৰ্মচাৰী পৰিষদে সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰৰ লগতে বিধানসভাৰ অধ্যক্ষ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাইছে ৷ বিশেষকৈ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে লোৱা ভূমিকাৰ কথা উল্লেখ কৰি শোধনাগাৰৰ কৰ্মচাৰী পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৷ শেহতীয়াকৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত শোধনাগাৰ কৰ্মচাৰী পৰিষদে সাক্ষাৎ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক ৷ বিধায়কগৰাকীক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো বিধানসভাত উত্থাপন কৰিবলৈ দাবী জনোৱাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰে পৰিষদে ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰে বিধায়ক মৃণাল শইকীয়াই ৷ "কাজিৰঙাৰ গঁড়ৰ দৰে নুমলীগড় শোধনাগাৰ অসমৰ সম্পদ,অসমৰ গৌৰৱ ৷ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিছে ৷ নুমলীগড় শোধনাগাৰৰ বিৰোধিতাৰে সমগ্ৰ বিষয়টো বিধানসভাৰ মজিয়াত উত্থাপন কৰিম ৷" সাংবাদিকৰ আগত এইদৰে কয় বিধায়ক মৃণাল শইকীয়াই ৷

ABOUT THE AUTHOR

...view details