অসম

assam

ETV Bharat / state

মৃণাল শইকীয়াৰ নতুন চমক: দুৰ্গাপূজাত ভক্তসকলক যোগান ধৰিব বিশুদ্ধ খোৱা পানীৰ লগতে গছপুলি

ভ্ৰাম্যমান পাকঘৰ, ভ্ৰাম্যমান চিকিৎসালয়ৰ পাছত এইবাৰ পৰিৱেশ সচেতনতা ৷

মৃণাল শইকীয়াৰ নতুন চমক: দুৰ্গাপূজাত ভক্তসকলক যোগান ধৰিব বিশুদ্ধ খোৱা পানীৰ লগতে গছপুলি

By

Published : Oct 6, 2019, 4:30 AM IST

Updated : Oct 6, 2019, 9:28 AM IST

গোলাঘাট, 5 অক্টোবৰ: এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰৰ বতৰত আন এক অনন্য অভিযান আৰম্ভ কৰিছে খুমটাই বিধানসভা সমষ্টিৰ গেৰুৱা দলৰ বিধায়ক মৃণাল শইকীয়াই ৷ কিছুমাহ পূর্বে বলিয়া বানত ৰাজ্য ককবকাই থকা সময়ত ৰাইজৰ সহায়ৰ বাবে ভ্ৰাম্যমান পাকঘৰ, ভ্ৰাম্যমান চিকিৎসালয় আদিৰ দ্বাৰা সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা বিধায়কগৰাকীয়ে এইবাৰ দুৰ্গাপূজাত গোলাঘাটত পূজা চাবলৈ অহা ভক্তসকলৰ মাজত যোগান ধৰিছে বিশুদ্ধ খোৱাপানীৰ লগতে এজোপাকৈ গছ-পুলি ৷ শনিবাৰে মহাসপ্তমীৰ পৱিত্ৰ দিনটোত গোলাঘাট চহৰত বিনামূলীয়া বিশুদ্ধ খোৱাপানী আৰু গছপুলি বিতৰণৰ স্থলী শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভাগ প্ৰভাৰী কেশৱ ভূঞাই ৷

মৃণাল শইকীয়াৰ নতুন চমক: পূজাত ভক্তসকলক যোগান ধৰিব বিশুদ্ধ খোৱা পানীৰ লগতে গছপুলি

দৈনিক পাঁচ হাজাৰৰ পৰা দহ হাজাৰ লোকক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য আগত লৈ ভক্তসকলে যাতে কোনো কাৰণতে খোৱাপানীৰ বাবে হাহাকাৰ কৰিব নালাগে তাৰবাবে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে ৷ ইফালে দশমীলৈকে অব্যাহত থাকিব লগা এই ব্যৱস্থা ৰাইজলৈ আগবঢ়াই দি বর্তমান পঞ্জাৱত উপস্থিত হৈছেগৈ বিধায়ক মৃণাল শইকীয়া ৷ কৃষি সম্পৰ্কত অধিক জ্ঞান আহৰণৰ বাবেই বিধায়কগৰাকী পঞ্জাৱ ভ্ৰমণলৈ যোৱা বুলি তেওঁৰ এক ঘনিষ্ঠ সূত্ৰই সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

Last Updated : Oct 6, 2019, 9:28 AM IST

ABOUT THE AUTHOR

...view details