অসম

assam

ETV Bharat / state

15 গৰাকী মেধাৱীলৈ লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান

গোলাঘাটত লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান । অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন গোলাঘাট সংমণ্ডল কাৰ্যালয়ত জিলাখনৰ ১৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা ৷

By

Published : Sep 12, 2019, 5:54 PM IST

অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ প্ৰতিষ্ঠা দিৱস

গোলাঘাট, 12 চেপ্তেম্বৰঃঅসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ দ্বাৰা লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান ৷ সংস্থাৰ গোলাঘাট সংমণ্ডলে জিলাখনৰ 15 গৰাকী কৃতিমানক প্ৰদান কৰে এই বঁটা ৷

15 গৰাকী মেধাৱীলৈ লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান

অসম চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ অধীনৰ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হৈ যায় শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান ৷ বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ লগতে গোলাঘাট পৌৰসভাৰ পৌৰপতি জুৰী দাস ৰাজখোৱা, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সভাপতি ঘণশ্যাম বাঢ়ৈৰ লগতে বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানত জিলাখনৰ 15 গৰাকীকৈ মেধাৱী কৃতিমানক প্ৰদান কৰা লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা ৷ আনহাতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় সংস্থাৰ প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানতে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৌ অসমভিত্তিক দ্বিতীয় স্থান দখল কৰা এগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব ৷ এই বঁটাত থাকিব নগদ ত্ৰিশ হাজাৰ টকাৰ লগতে এখন প্ৰমাণপত্ৰ ৷ আনহাতে গোলাঘাটত প্ৰদান কৰা বঁটাত আটাইকেইগৰাকী শিক্ষাৰ্থীকে নগদ দুহেজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details