অসম

assam

By

Published : Nov 4, 2019, 11:51 AM IST

ETV Bharat / state

গোলঘাটত হাতীৰ আক্ৰমণত আহত এজন

গোলাঘাটৰ নমুলীগড়ত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিষ্ণু বৰা নামৰ এজন যুৱক ৷ হাতী খেদিবলৈ যাওতে জাকৰ মাজৰ এটা হাতীয়ে আক্ৰমণ চলাই যুৱকজনৰ ওপৰত ৷

বিষ্ণু বৰা

গোলাঘাট, 4 নৱেম্বৰঃৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ দেওবাৰে গোলাঘাটৰ নমুলীগড়ত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিষ্ণু বৰা নামৰ এজন যুৱক ৷ হাতী খেদিবলৈ যাওতে হাতীৰ জাকৰ মাজৰে এটা হাতীয়ে আক্ৰমণ চলাই যুৱকজনৰ ওপৰত ৷

গোলঘাটত হাতীৰ আক্ৰমণত আহত এজন

সম্প্ৰতি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন ৷ হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধাননি পথাৰ নষ্ট কৰে ৷ হাতীৰ উপদ্ৰৱত শংকিত অঞ্চলটোৰ ৰাইজ ৷

ABOUT THE AUTHOR

...view details