সৰুপথাৰ , 16 অক্টোবৰ :গোলাঘাটৰ চুঙাজান ৰেল ষ্টেচনৰ ঠিকা কামত নিয়োজিত স্থানীয় প্ৰায় ৪০ জন শ্ৰমিক প্ৰাপ্য মজুৰিৰ পৰা দুটা বছৰে বঞ্চিত হৈ আছে । উপায়ন্তৰ হৈ শ্ৰমিক সকল কাষ চাপিছে হিন্দু জাগৰণ মঞ্চৰ । বিগত দুটা বছৰৰ আগৰ পৰাই চুঙাজান ৰেল ষ্টেচনত নতুন ৰেল ট্ৰেক , ষ্টেচন উন্নীতকৰণ আদি কামৰ ঠিকা লাভ কৰিছিল মগবোল হুছেইন নামৰ ঠিকাদাৰ জনে ।
কাম সমূহ চোৱাৰ দায়িত্বত আছিল মনোৱাৰ, চাহাজুল, আলাউদ্দীন আৰু স্থানীয় সঞ্জীৱ বৰা নামৰ লোক কেইজন । সম্প্ৰতি বিভিন্ন অজুহাত দেখুৱাই স্থানীয় শ্ৰমিক সকলক ঠগি কাম সম্পূৰ্ণ কৰি আজি পৰ্যন্ত প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এই সকল শ্ৰমিকে । এই সম্পৰ্কে হিন্দু জাগৰণ মঞ্চ সৰুপথাৰ সমিতিয়ে চুঙাজান ৰেলৱে ষ্টেচনত এখনি বৈঠক অনুষ্ঠিত কৰে ৷