অসম

assam

ETV Bharat / state

এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত আছে : কামাখ্যা প্ৰসাদ তাছা

লোকসভাত বিজেপি মিত্ৰজোঁটে 12 খন লাভ কৰিব ৷ এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত থকা বুলি গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

By

Published : Mar 31, 2019, 9:50 PM IST

গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাচা

গোলাঘাট, 31 মাৰ্চ : এনাজৰী ভৱনত গোলাঘাট জিলা বিজেপিয়ে আয়োজন কৰা ‘মে ভি চৌকিদাৰ’ কাৰ্য্যসূচীত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইবাৰ লোকসভাত বিজেপি মিত্ৰজোঁটে 12 খন লাভ কৰিব বুলি দাবী কৰে সাংসদগৰাকীয়ে ৷ ইপিনে এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত থকাৰ লগতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা পুৰণি বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ আনহাতে সৰ্বকালৰ ব্যৰ্থ সাংসদ বুলি একাংশই সাংসদগৰাকীক কৰা সমালোচনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট সমষ্টিটো তেওঁ জয়ী হোৱাৰ পূৰ্বে সোণৰ আছিল নেকি বুলি প্ৰশ্ন কৰে৷ লগতে কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত জয়ী হ'ব বুলি দাবী কৰে সাংসদ তাছাই ৷

গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাচা

ABOUT THE AUTHOR

...view details