অসম

assam

ETV Bharat / state

হাতী-মানুহৰ সংঘাত নিশেষৰ বাবে নুমলীগড় বন কাৰ্যালয়ত ভাগৱত পাঠ

নুমলীগড়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন্য প্ৰাণী মানুহৰ সংঘাতে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ গাঁওবাসীৰ লগতে বনকর্মী সকলকো। উপায়ন্তৰ হৈ অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী ।

By

Published : Aug 7, 2019, 6:50 PM IST

নুমলীগড় বন কাৰ্য্যালয়ত ভাগৱত পাঠ

গোলাঘাট, 7 আগষ্টঃভক্তি ৰসত বুৰ গৈছে এটা বন বিভাগৰ কাৰ্যালয়। বন্য প্ৰাণীৰ সুৰক্ষা,হাতী মানুহৰ সংঘাত নিঃশেষ হোৱাৰ আশাৰে ভাগৱত পাঠ কৰিছে গোলাঘাট নুমলীগড় খণ্ড বন কাৰ্যালয়ত । নুমলীগড়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন্য প্ৰাণী আৰু মানুহৰ সংঘাতে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ গাঁওবাসীৰ লগতে বনকর্মী সকলকো। উপায়ন্তৰ হৈ অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী। নুমলীগড় বন বিভাগৰ কাৰ্যালয়ত দুদিনীয়াকৈ আয়োজন কৰিছে অখণ্ড ভাগৱত পাঠ। কাৰ্যালয়ৰ চৌহদত বিভিন্ন ঠাইৰ ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি আয়োজন কৰিছে মহাভাগৱত পাঠৰ। হাতী মানুহৰ সংঘাত,বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে ভাগৱত পাঠ কৰালে কৰ্মীসকলে।

নুমলীগড় বন কাৰ্য্যালয়ত ভাগৱত পাঠ

ABOUT THE AUTHOR

...view details