অসম

assam

By

Published : Jul 9, 2019, 5:04 PM IST

ETV Bharat / state

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালেগৈ আৰক্ষী থানা

মাটি দখলক কেন্দ্ৰ কৰি শিক্ষকৰ প্ৰহাৰত তিনিদিন ধৰি চিকিৎসাধীন হ'বলগীয়া হ'ল নামঘৰীয়া । ন্যায় বিচাৰি গাঁওবাসীসহ নামঘৰীয়া উপস্থিত হ'ল আৰক্ষী থানাত ৷

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালে আৰক্ষী থানা

গোলাঘাট, 9 জুলাই : মাটি দখলক কেন্দ্ৰ কৰি শিক্ষকৰ প্ৰহাৰত তিনিদিন ধৰি চিকিৎসাধীন হ'বলগীয়া হ'ল নামঘৰীয়া । তাৰ পাচত ন্যায় বিচাৰি গাঁওবাসীসহ নামঘৰীয়া উপস্থিত হ'ল আৰক্ষী থানাত । এই দুখজনক ঘটনা গোলাঘাট জিলাৰ ৰজনাখাটত । ৰজনাখাট শংকৰ মাধৱ মিলনজ্যোতি নামঘৰৰ নামঘৰীয়াৰ পৰিয়ালে বিগত 75 বছৰে খেতি কৰি অহা এটুকুৰা মাটিৰ ওপৰত চকু পৰিল স্থানীয় শিক্ষক আনন্দৰাম দত্তৰ । জানিব পৰা মতে, নামঘৰীয়াই খেতি কৰি অহা পথাৰত বেদখল কৰিবলৈ যোৱা শিক্ষক দত্তই প্ৰায় এমাহ পূৰ্বে হাল বাইছিল মাটিডৰাত । শেহতীয়াভাৱে নামঘৰীয়াই হাল বাই ধান ৰুবলৈ সাজু হোৱাৰ দিনাই শিক্ষক দত্ত আৰু স্থানীয় লোক গৌতম হাজৰিকাই পথাৰতেই নামঘৰীয়া দেৱেশ্বৰ দাসক ডিঙিত গামোচাৰে চেপি চোঁচৰাই আনি এডাল বাঁহেৰে মাৰপিট কৰে ৷ যদিও ঘটনাৰ চিঞৰ শুনি গাঁওবাসী ওলাই অহাত নামঘৰীয়াক পথাৰতে এৰি পলায়ন কৰে শিক্ষকসহ দলটো ।

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালে আৰক্ষী থানা

পাচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নামঘৰীয়াক ভৰ্তি কৰোৱা হয় গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ত । তিনি দিনৰ চিকিৎসাৰ অন্তত আৰোগ্য হৈ আজি চিকিৎসালয়ৰ পৰা আহি ন্যায় বিচাৰি গাঁওবাসীৰ সৈতে আৰক্ষী থানাত উপস্থিত হয় নামঘৰীয়া ।

ABOUT THE AUTHOR

...view details