অসম

assam

ETV Bharat / state

গোলাঘাট নুমলীগড়ত অব্যাহত বন্যহস্তীৰ আতংক

বন্যহস্তীৰ আতংকৰ বাবে বন্ধ হৈ পৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

গোলাঘাট নুমলীগড়ত অব্যাহত বন্য হস্তীৰ আতংক

By

Published : Apr 25, 2019, 5:09 PM IST

গোলাঘাট,২৫ এপ্ৰিলঃ গোলাঘাট নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ আতংক । স্তব্ধ হৈ পৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত। দিন দুপৰতে এটা বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই গোলাঘাট নুমলীগড় চাহ বাগিচাত । ফলত আতংকিত হৈ পৰে চাহ বাগিচাত কাম কৰি থকা শ্ৰমিকসকল । ইফালে কাম এৰি পলায়ন কৰে বাগিছাৰ শ্ৰমিকে । ইয়াৰোপৰি হাতীৰ বৃহৎজাকে ঘাইপথ অতিক্ৰম কৰাৰ ফলত বহু সময়জুৰি বন্ধ হৈ পৰে ঘাইপথটো ।

গোলাঘাট নুমলীগড়ত অব্যাহত বন্য হস্তীৰ আতংক

অৱশেষত বন্যহস্তীৰ জাকটোৱে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দেওপাহৰ বনাঞ্চলত প্ৰৱেশ কৰাত স্বস্তিৰ নিশ্বাস পেলাই শ্ৰমিকসকলৰ লগতে পথচাৰী সকলে । উল্লেখ্য যে, এনেদৰে প্ৰায়েই বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই নুমলীগড় দেওপাহাৰৰ মাজৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথতটোত ।

ABOUT THE AUTHOR

...view details