অসম

assam

ETV Bharat / state

ইজৰাইলত আৱদ্ধ গৱেষণাৰত অসমৰ জীয়ৰী

ইজৰাইলত গৱেষণাৰত গোলাঘাটৰ দেৰগাঁৱৰ ছাত্ৰী নাজিহা তৰাণ্ণম ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত আৰম্ভ হোৱা তুমুল যুদ্ধৰ বাবে আৱদ্ধ কন্যাক লৈ চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ ৷

dergaon-student-doing-research-in-israel
ইজৰাইলত গৱেষণাৰত জীয়ৰীক লৈ উদ্বিগ্ন পৰিয়াল

By

Published : May 20, 2021, 10:18 AM IST

গোলাঘাট,20 মে’:গোলাঘাটৰ দেৰগাঁৱৰ নাৰিকলগুৰিৰ 9নং ৱাৰ্ড নিবাসী জনপ্ৰিয় লেখক, শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভাপতি তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ জ্যেষ্ঠ কন্যা নাজিহা তৰাণ্ণম বৰ্তমান অধ্যয়নৰত যুদ্ধ বিধ্বস্ত ইজৰাইলত । ইজৰাইলত চলি থকা যুদ্ধক কেন্দ্ৰ কৰি দেশখনত আৱদ্ধ জীয়ৰীক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো ৷

2017 চনৰ ছেপ্তেম্বৰ মাহত গৱেষণাৰ বাবে ইজৰাইললৈ ৰাওনা হৈছিল নাজিহা । উল্লেখ্য যে, নাজিহা তৰাণ্ণামে ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈ হায়দৰাবাদৰ বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানত কেইমাহমান উচ্চ প্ৰশিক্ষণ লয় ৷ ইয়াৰ পাচতে উক্ত বিষয়ত গৱেষণা কৰিবলৈ এবুকু আশাৰে সুদুৰ ইজৰাইলৰ আগশাৰীৰ বেন গুৰিয়ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে । তাতে গৱেষণাৰ কাম অব্যাহত ৰাখিছে ছাত্ৰীগৰাকীয়ে ।

ইজৰাইলত গৱেষণাৰত জীয়ৰীক লৈ উদ্বিগ্ন পৰিয়াল

কিন্তু শেহতীয়াকৈ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত আৰম্ভ হোৱা তুমুল যুদ্ধৰ এই ভয়াৱহ পৰিস্থিতিত আৱদ্ধ হৈ পৰিছে ছাত্ৰীগৰাকী ৷ শীঘ্ৰে এই যুদ্ধ শাম কটাৰ আশা প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক :খাৰুপেটীয়াত ওলাইছে এপাহ ৰং-বিৰঙী ফুল

ABOUT THE AUTHOR

...view details