অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত টেঙানীত নাম প্রসংগ - 'কা' বিৰোধী

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবী আৰু তেওঁৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি দেওঁবাৰে টেঙানিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰামৰ লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বৰপথাৰৰ টেঙানী দিঘলী মাজগাওঁ হৰি মন্দিৰত নাম প্রসংগ অনুষ্ঠিত কৰে ৷ লগতে, অনতিপলমে নেতা গৰাকীক মুকলি কৰি দিবলৈ দাবী জনাই ৷

DEMAND AKHIL GOGOI RELEASE SARUPATHAR, ASSAM
অখিল গগৈৰ মুক্তিৰ দাবীত টেঙানীত নাম প্রসংগ

By

Published : Jul 19, 2020, 7:37 PM IST

সৰুপথাৰ, 19 জুলাই : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবী আৰু তেওঁৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি দেওঁবাৰে টেঙানিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰামৰ লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বৰপথাৰৰ টেঙানী দিঘলী মাজগাওঁ হৰি মন্দিৰত নাম প্রসংগ অনুষ্ঠিত কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত টেঙানীত নাম প্রসংগ

লগতে, টেঙানীবাসীয়ে অভিযোগ কৰি কয় যে 'কা'বিৰোধী হোৱাৰ বাবেই অখিল গগৈক ষড়যন্ত্ৰমূলকভাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তদুপৰি বৰ্তমান কৰ'ণা আক্ৰান্ত হোৱাৰ পাচত তীব্ৰ প্ৰতিবাদৰ পাচতহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ হস্তান্তৰ কৰে বুলি জানিবলৈ দিয়ে কৃষক মুক্তিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়াই ৷

অখিল গগৈৰ মুক্তিৰ দাবীত টেঙানীত নাম প্রসংগ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ বাবে কৃষক নেতা অখিল গগৈক গেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক :দেশৰ একমাত্ৰ হেলনীয়া মন্দিৰটোক প্ৰয়োজন চৰকাৰী সাহাৰ্যৰ

ABOUT THE AUTHOR

...view details