খুমটাই, 30 জুনঃ মঙলবাৰে খুমটাইত শ্বহীদ জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত ২১ সংখ্যক মৃত্যু তিথি কাৰ্যসূচী পালন কৰা হয় । পিতৃ মাতৃৰ লগতে বিভিন্নজনে বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে শ্বহীদ গৰাকীক ।
খুমটাইত শ্বহীদ জিণ্টু গগৈৰ ২১ সংখ্যক মৃত্যু তিথি পালন ১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিল যুদ্ধত সাহসীকতাৰে পাকিস্তানী সৈন্যৰে যুঁজি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল বীৰ সৈনিকজনে । গোলাঘাট জিলাৰ খুমটাইৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ ১৭ নং গাৰোৱাল ৰেজিমেন্টৰ কেপ্টেইনৰ দৰে গুৰুত্বপূৰ্ণ দ্বায়িত্ব লাভ কৰিছিল শ্বহীদ জিন্টু গগৈয়ে ।
সম্প্ৰতি বীৰ শ্বহীদজন আমাৰ মাজৰ পৰা আঁতৰি যোৱা একৈশটা বছৰ পাৰ হ'ল। মঙলবাৰে বীৰ শ্বহীদজনক পূণ্য মৃত্যুতিথিত এক আৱেগিক পৰিবেশৰ মাজেৰে সোঁৱৰে শ্বহীদজনৰ পিতৃ-মাতৃয়ে । পূণ্য মৃত্যুতিথিত শ্বহীদ জিন্টু গগৈৰ সমাধিক্ষেত্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি আৱেগিক হৈ পৰে বীৰ শ্বহীদগৰাকীৰ পিতৃ-মাতৃৰ লগতে স্থানীয় লোকসকল ৷
উল্লেখ্য যে, 1999 চনত কাৰ্গিলত পাকিস্তানৰ লগত হোৱা যুদ্ধত 30 জুনৰ দিনটোতেই দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল বীৰ সন্তান জিন্টু গগৈয়ে । LoC ত থকা বেটালিক অঞ্চলৰ কালা পাথৰ এলেকাত অনুপ্ৰৱেশ কৰা শত্ৰু পক্ষৰ সেনাক খেদি পঠিয়াবলৈ চলোৱা এক অভিযানৰ নেতৃত্ব লৈ 17 নং গাৰোৱাল ৰেজিমেন্টৰ কেপ্টেইন গগৈ আগবাঢ়িছিল যুদ্ধ ক্ষেত্ৰলৈ । যুদ্ধ ক্ষেত্ৰত চাৰিওফালৰ পৰা শত্ৰু সেনাই আগুৰি ধৰিছিল তেওঁক । শত্ৰু পক্ষই আত্মসমৰ্পনৰ বাবে কৈছিল । কিন্তু দেশ মাতৃৰ নামত শেষ মুহূৰ্তলৈ যুঁজি যোৱাৰ লক্ষ লৈছিল বীৰ জোৱান জনে । দুজনকৈ শত্ৰুক নিধন কৰাৰ পাচত নিজৰ দেহত পাইছিল গুলীৰ আঘাত । তাৰ পাচতেই জুবাৰ টপৰ পৰা 150 মিটাৰ দূৰত উদ্ধাৰ কৰা হৈছিল জিন্টু গগৈৰ নিথৰ দেহ । তাৰ পাচত মৰণোত্তৰ ভাৱে তেওঁক প্ৰদান কৰা হয় বীৰ চক্ৰ বঁটা ।