অসম

assam

ETV Bharat / state

কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ৫০ সংখ্যক জন্মদিন উদযাপন - সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন

আজি কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ ৫০ সংখ্যক ওপজা দিন ৷ ১৯৭০ চনত জন্মগ্ৰহন কৰা শ্বহীদগৰাকীয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰান বিসৰ্জন দিছিল ৷ মাত্ৰ ২৯ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া এইগৰাকী বীৰ শ্বহীদ জন্মদিনটো বিগত বৰ্ষৰ দৰে এইবাৰো পালন কৰা হয় ৷

captain-jintu-gogoi-birthday-celebration
কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ৫০ সংখ্যক জন্মদিন উদযাপন

By

Published : Nov 21, 2020, 9:28 PM IST

খুমটাই, 21 নৱেম্বৰ : শনিবাৰে কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ ৫০ সংখ্যক ওপজা দিন ৷ ১৯৭০ চনত জন্মগ্ৰহন কৰা শ্বহীদগৰাকীয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰান বিসৰ্জন দিছিল ৷ মাত্ৰ ২৯ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া এইগৰাকী বীৰ শ্বহীদ জন্মদিনটো বিগত বৰ্ষৰ দৰে এইবাৰো পৰিয়ালৰ লোকৰ লগতে জাছিংফা লেখিকা সমাৰোহ সমিতিয়ে উদযাপন কৰে ৷

শ্বহীদগৰাকীৰ জন্মদিন উদযাপন কৰা প্ৰাকক্ষণত বীৰগৰাকীৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি সেৱা লৈ পিতৃ-মাতৃক কেক্ খুৱাই জন্মদিন উদযাপন কৰে ৷ আনহাতে আজিৰ দিনটোত শ্বহীদগৰাকীৰ পিতৃ-মাতৃয়ে যথেষ্ট গৌৰৱ কৰাৰ কথা উল্লেখ কৰি জিণ্টু গগৈৰ শৈশৱৰ কথা কৈ আৱেগিক হৈ পৰে ৷

কাৰ্গিল বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ৫০ সংখ্যক জন্মদিন উদযাপন

এই অনুষ্ঠানত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ কেপ্তেইন টংকেশ্বৰ নাথ ৷ আনহাতে জাছিংফা লেখিকা সমাৰোহ সমিতিৰ লগতে স্থানীয় লোকসকলে প্ৰতিবছৰে এইদৰে বীৰগৰাকীৰ জন্মদিনটো পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জনাই কেপ্তেইন জিণ্টু গগৈৰ পিতৃ-মাতৃয়ে ৷
লগতে পঢ়ক: ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details