অসম

assam

ETV Bharat / state

Cricketer Uma Chetry: দৈনিক 16 কিঃমিঃ কৈ খোজকাঢ়ি অহা-যোৱা কৰিছিল উমা চেত্ৰীয়ে

ভাৰতীয় দললৈ অসমৰ পৰা প্ৰথম ক্ৰিকেটাৰ উমা চেত্ৰী ৷ দৈনিক 8 কিঃমিঃ দূৰৈৰ বোকাখাতলৈ ঘৰৰপৰা খোজকাঢ়ি গৈ অনুশীলন কৰিছিল উমা চেত্ৰীয়ে ৷ উমা চেত্ৰীৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰিব অসম চৰকাৰে ৷ মন্ত্ৰী অতুল বৰাই উমাৰ ঘৰলৈ গৈ দিলে প্ৰতিশ্ৰুতি ৷

By

Published : Jul 3, 2023, 7:57 PM IST

Updated : Jul 3, 2023, 9:08 PM IST

uma chetry from bokakhat
উমা চেত্ৰী

উমা চেত্ৰীৰ সাফল্যত আনন্দিত গাঁওবাসী

গুৱাহাটী, ৩ জুলাই :সমগ্ৰ অসমৰ লগতে বিশেষকৈ গোলাঘাট জিলাৰ বোকাখাতৰ এখন ভিতৰুৱা গাঁৱত দেওবাৰৰে পৰা উৎসৱমুখৰ পৰিৱেশ ৷ কাৰণ গাঁওখনৰ এগৰাকী জীয়ৰী উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেটৰ মূল দলত স্থান লাভ কৰিছে ৷ অসমৰ পৰা ভাৰতীয় ক্ৰিকেটৰ ছিনিয়ৰ মূল দলত স্থান লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ ৰূপে পৰিগণিত হৈছে উমা চেত্ৰী ৷ সমগ্ৰ অসমকে গৌৰান্বিত কৰিছে উমাই ৷

৯ জুলাইৰ পৰা হ’বলগীয়া আন্তৰাষ্ট্ৰীয় খেলৰ বাবে বাংলাদেশ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে উমা চেত্ৰী ৷ সেইবাবে নৃত্য-গীতেৰে নিজৰ আনন্দ প্ৰকাশ কৰিলে বোকাখাতৰ কান্ধুলীমাৰী গাঁওবাসীয়ে ৷ ক্ৰিকেটাৰ গৰাকীৰ মাতৃয়ে কয় যে উমাই সৰুৰে পৰাই বহুত কষ্ট কৰি আহিছে ৷ সেই কষ্টৰ ফল লাভ কৰিছে উমাই ৷ ঘৰৰ পৰা ৮ কিঃমিঃ পথ খোজকাঢ়ি অনুশীলনৰ বাবে উমা গৈছিল বোকাখাতলৈ ৷ এইদৰে দিনটোত 16 কিঃমিঃ কৈ খোজকাঢ়িছিল উমাই ৷ ভাৰতীয় দলত স্থান লাভ কৰাৰ পিচত মাকৰ সৈতে কথা পাতোতে আনন্দ প্ৰকাশ কৰে উমাই ৷

উমা চেত্ৰী

অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ক্ৰীড়াবিদকে ধৰি সকলো জনসাধাৰণে শুভেচ্ছা জনাইছে উমালৈ ৷ আনহাতে অসম ক্ৰিকেট সন্থাই উমা চেত্ৰীক গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত সম্বৰ্ধনা জনায় ৷ এ চি এৰ হৈ সংস্থাৰ সাধাৰণ সম্পাদক তৰংগ গগৈয়ে ৫ লাখ টকা আগবঢ়ায় ক্ৰিকেটাৰ গৰাকীলৈ ৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ মূল দলত স্থানপ্ৰাপ্ত বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ উমা চেত্ৰীৰ বাসগৃহলৈ যোৱা সম্প্ৰতি দুৰৱস্থাত থকা সংযোগী পথটিৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছে অসম চৰকাৰে ৷

উমা চেত্ৰী

উমাই ভাৰতীয় ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাৰ বাতৰি পাই সোমবাৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মন্ত্ৰী অতুল বৰা উপস্থিত হয়গৈ উমা চেত্ৰীৰ ঘৰত । তাতে মন্ত্ৰীজনে ঘোষণা কৰে পথ নিৰ্মাণৰ কথা । উল্লেখ্য যে উমা চেত্ৰীৰ বাসগৃহলৈ অহা জৰাজীৰ্ণ পথটোৰ নিৰ্মাণৰ দাবী কৰি আহিছিল স্থানীয় ৰাইজে ৷ বাতৰি সম্প্ৰচাৰৰ পিচতেই ফোনযোগে মন্ত্ৰী অতুল বৰাই লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে আৰু ইতিমধ্যেই লোকনিৰ্মাণ বিভাগে জোখ-মাখ আৰম্ভ কৰিছে উপপথটোৰ । মন্ত্ৰী অতুল বৰাই ক্ৰিকেটাৰ উমাৰ বাসগৃহত উপস্থিত হৈ উমা চেত্ৰীৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে অতি শীঘ্ৰেই উক্ত পথটো নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়ক :Cricketer Uma Chetry: ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ; ভাৰতীয় জাতীয় দলত স্থান লাভ ক্ৰিকেটাৰ উমা চেত্ৰীৰ

Last Updated : Jul 3, 2023, 9:08 PM IST

ABOUT THE AUTHOR

...view details