অসম

assam

ETV Bharat / state

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ দল

গৰু চোৰকেইটাই নাগালেণ্ডৰ নগা বস্তিৰ পৰা মতিউৰ ৰহমান নামৰ এজন লোকৰ নেতৃত্বত ৫ টাকৈ গৰু নগাঁৱৰ চামগুৰি অভিমুখে আনি থাকোঁতেই নুমলীগড় আৰক্ষীৰ জালত পৰে ৷ গৰু চোৰকেইটাৰ নাম ফজুল উদ্দিন, দিলদাৰ হুছেইন আৰু নুৰ মহম্মদ  ।

By

Published : Apr 29, 2019, 12:17 PM IST

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ গেং


নুমলীগড় , 29 এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ উপদ্ৰপ । গৰু চুৰি চক্ৰৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে নগাঁও জিলা ।এই কথা প্ৰকাশ কৰিছে নুমলীগড় আৰক্ষীৰ জালত পৰা তিনিটা গৰু চোৰে । নুমলীগড় আৰক্ষীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই AS03-BC-5493 নম্বৰৰ এখন গাড়ী আৰু ৫ টাকৈ চুৰি গৰুসহ তিনিটাকৈ গৰু চোৰক আটক কৰে ।

নুমলীগড় আৰক্ষী জালত গৰু চোৰৰ গেং

আৰু পঢ়ক টীয়কত গ্ৰেপ্তাৰ গৰু চুৰি চক্ৰৰ দুটাকৈ গৰুচোৰঃ জব্দ ছাফাৰী

চোৰকেইটাই নাগালেণ্ডৰ নগা বস্তিৰ পৰা মতিউৰ ৰহমান নামৰ এজন লোকৰ নেতৃত্বত ৫ টাকৈ গৰু নগাঁৱৰ চামগুৰি অভিমুখে আনি থাকোঁতেই নুমলীগড় আৰক্ষীৰ জালত পৰে ৷ গৰু চোৰকেইটাৰ নাম ফজুল উদ্দিন, দিলদাৰ হুছেইন আৰু নুৰ মহম্মদ ।

আনহাতে চোৰকেইটাই জানিবলৈ দিয়া মতে গৰু চুৰি চক্ৰৰ নেতৃত্ব দিয়া মতিউৰ ৰহমানে নগাঁৱৰ পৰা ভাৰাতীয়া মানুহ আনি দীর্ঘদিনে নাগালেণ্ড, অসমৰ বিভিন্ন ঠাইৰ পৰা এনেদৰে চলাই আহিছে চোৰাং গৰুৰ অবৈধ বেহা । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নুমলীগড়টো দীর্ঘদিনে অব্যাহত আছে গৰু চুৰি কাণ্ড । বৰ্তমান নুমলীগড় আৰক্ষীয়ে চোৰ কেইটাক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details