অসম

assam

ETV Bharat / state

স্বাস্থ্য আৰু বন্য জীৱক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে তেলগৰম বাইচাইকেল ৰাইডাৰ গ্ৰুপৰ বিশেষ পদক্ষেপ - golaghat

ব্যতিক্ৰমী ভাৱে নিজৰ স্বাস্থ্যৰ লগতে শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে বাইচাইক্লিঙৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে নুমলীগৰ তেলগৰম বাইচাইকেল ৰাইডাৰ গ্ৰুপৰ সদস্য সকলৰ ।

স্বাস্থ্য আৰু বন্য জীৱক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে তেলগৰম বাইচাইকেল ৰাইডাৰ গ্ৰুপৰ বিশেষ পদক্ষেপ

By

Published : Oct 4, 2020, 4:53 PM IST

গোলাঘাট, 4 অক্টোবৰ :সু স্বাস্থ্য আৰু বন্য জীৱক সুৰক্ষা প্ৰদানৰ সজাগতাৰ লক্ষ্যৰে প্ৰতিটো সপ্তাহত এশ কিলোমিটাৰ চাইক্লিং গোলাঘাট জিলাৰ নুমলীগৰ তেলগৰম বাইচাইকেল ৰাইডাৰ গ্ৰুপৰ সদস্য সকলৰ ।

স্বাস্থ্যই সম্পদ, স্বাস্থ্য ভালে ৰাখিবৰ বাবে বিভিন্নজনে বিভিন্ন কৌশল অৱলম্বন কৰে। কিন্তু নুমলীগড়ৰ যুৱপ্ৰজন্মৰ এটা দলে ব্যতিক্ৰমী ভাৱে নিজৰ স্বাস্থ্যৰ লগতে শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে বাইচাইক্লিং ৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰতি দেওবাৰে তেলগৰমৰ পৰা কাজিৰঙালৈ এইসকল যুৱকে চাইক্লিং কৰে।

ঠিক একেদৰে দেওবাৰেও তেলগৰম বাইচাইকেল ৰাইডাৰ গ্ৰুপৰ সদস্য সকলে পুৱাই যাত্ৰা আৰম্ভ কৰিলে কাজিৰঙা অভিমুখে৷ বন্য জীৱ জন্তুৰ সুৰক্ষা, চেভ এলিফেণ্ট আদি ফলক লগাই সজাগতাৰো প্ৰয়াস যুৱক সকলৰ ৷ প্ৰায় ১০০ কিলোমিটাৰ পথ চাইকেল চলাই সুস্থ স্বাস্থ্যৰ লগতে বন্য জীৱক সুৰক্ষা প্ৰদানৰ এক সজাগতাৰ লক্ষ্য এই সকল যুৱকৰ ।

লগতে পঢ়ক :লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পলায়ন চাৰিটাকৈ কয়দী

ABOUT THE AUTHOR

...view details