অসম

assam

খিলঞ্জীয়া মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে আমছুয়ে

By

Published : Jul 23, 2019, 8:05 PM IST

গোলাঘাটত সোমবাৰে সন্ধিয়া এক সংবাদ মেল অনুষ্ঠিত কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আমছুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উথাপন কৰে । প্ৰকৃত খিলঞ্জীয়া ভাৰতীয় নাগৰিকক সন্নিৱিষ্ট কৰি এখন বিদেশী মুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ দাবী জনায় সংগঠনটোৱে । ইতিহাসৰ পৰিচয়ৰ ভিত্তিত গৰিয়া মৰিয়া সকলক বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থা কৰাৰ দাবী জনায় ।

খিলঞ্জীয়া মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে আমছুয়ে

গোলাঘাট, 23 জুলাই: আমছু অৰ্থাৎ সংখ্যালঘু ছাত্ৰ সন্থা এটা সাম্প্ৰদায়িক সংগঠন । মুছলমান শব্দটো ব্যৱহাৰ কৰি সকলো অধিকাৰ তেওঁলোকে ল’লে । প্ৰকৃত খিলঞ্জীয়া মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে আমছুয়ে । অসম আন্দোলনৰ বিৰোধিতা কৰি জন্ম হৈছিল এই আমছু নামৰ সংগঠনটো । এতিয়া এন আৰ চি কথা অহাৰ লগে লগে অসম চুক্তি সমৰ্থন কৰা হ’ল এই আমছুয়ে । আমছু এটা সাম্প্ৰদায়িক সংগঠন এটা ধৰ্মীয় ভিত্তিত ভেদাভেদ সৃষ্টি কৰা সংগঠন । এই গুৰুতৰ অভিযোগ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ।

খিলঞ্জীয়া মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে আমছুয়ে

গোলাঘাটত সোমবাৰে সন্ধিয়া এক সংবাদ মেল অনুষ্ঠিত কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আমছুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উথাপন কৰে । প্ৰকৃত খিলঞ্জীয়া ভাৰতীয় নাগৰিকক সন্নিৱিষ্ট কৰি এখন বিদেশী মুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ দাবী জনায় সংগঠনটোৱে । ইতিহাসৰ পৰিচয়ৰ ভিত্তিত গৰিয়া মৰিয়া সকলক বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থা কৰাৰ দাবী জনায় । এই উপলক্ষে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদে এক স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছে । এই স্বাক্ষৰ অভিযানৰ পিছতে ভাৰত বৰ্ষৰ ৰাষ্ট্ৰপতিক তেওঁলোকৰ সমস্যা সমাধানৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details