গোৱালপাৰা,১৩ ছেপ্টেম্বৰ: গোৱালপাৰাত পুনৰ ডাইনী সন্দেহত হত্যা এগৰাকী ৬৫ উৰ্ধৰ মহিলাক । এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়ন, আনফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । এফালে পোহৰ আনফালে অন্ধকাৰ । আধুনিক বিজ্ঞানৰ পোহৰে মধ্যযুগীয় অন্ধবিশ্বাসৰ অন্ধকাৰ আঁতৰাই আহিছে । কিন্তু আজিও বিজ্ঞানে পোহৰাব পৰা নাই বহুতৰে মন-মানসিকতা । পুনৰ ডাইনী সন্দেহত এগৰাকী ৬৫ ৰ উৰ্ধৰ মহিলাক হত্যা ।
জানিব পৰা মতে, গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ ছাটাবাৰী ৰাজহুৱা শ্মশানত বুধবাৰে পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃত্যুদেহ উদ্ধাৰ হয় । মৃত মহিলা গৰাকীৰে নাম প্ৰাণেশ্বৰী ৰাভা । মঙলবাৰে সন্ধিয়াৰ ভাগত পথাৰত গৰু আনিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী । নিশালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপাই উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰে কাষ চাপে ।
হঠাৎ পুৱাৰ ভাগত ছাটাবাৰী ৰাজহুৱা শ্মশানত হাত-ভৰি বন্ধা অৱস্থাত প্ৰাণেশ্বৰী ৰাভাৰ মৃত্যুদেহ উদ্ধাৰ হয় । নিহত মহিলাগৰাকী হৈছে আজিৰ পৰা ২২ বছৰ আগত ডাইনী সন্দেহত নাগুৱাপাৰা গাঁৱৰ পৰা খেদি পঠোৱা ৰানেশ্বৰী ৰাভাৰ জ্যেষ্ঠ ভগ্নী প্ৰাণেশ্বৰী ৰাভা । ছাটাবাৰী গাঁওৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো হিলছত বিয়া হৈছিল ৰানেশ্বৰী ৰাভাৰ ।