অসম

assam

By

Published : Jan 2, 2021, 11:57 AM IST

Updated : Jan 2, 2021, 12:03 PM IST

ETV Bharat / state

গোৱালপাৰাত দীৰ্ঘদিনে সন্ধানহীন দুজন যুৱক

গোৱালপাৰাত বিগত 9 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে দুজনকৈ যুৱক ৷ পৰিয়ালৰ অভিযোগ দাখিলৰ পিছতো গুৰুত্বহীনতাৰ অভিযোগ মৰনৈ আৰক্ষীৰ বিৰুদ্ধে ৷

Two boys kidnapped in goalpara assam etv bharat news
গোৱালপাৰাত দীৰ্ঘদিনে সন্ধানহীন দুজন যুৱক

গোৱালপাৰা,2 জানুৱাৰী:গোৱালপাৰাত সন্ধানহীন হৈ আছে দুজনকৈ যুৱক ৷ জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী প্ৰথম খণ্ডৰ চানমিঞা আৰু ডেকধোৱাৰ শ্বাহজাহান আলী নামৰ দুজন যুৱক বিগত 9 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে ঘটনাৰ পিছদিনা যুৱক দুজনৰ কোনো শুংসূত্ৰ লাভ নকৰাত স্থানীয় আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ উক্ত ঘটনাৰ প্ৰায় 20 দিন উকলি যোৱাৰ পিছতো কোনো সন্ধান বাহিৰ হোৱা নাই যুৱক দুজনৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিগত 9 ডিচেম্বৰৰ সন্ধিয়া যুৱক দুজনে বন্ধু শ্বাহজাহান আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষাৰ্থে ভাত খাবলৈ যায় ৷ নিশা প্ৰায় দহ বজাত যুৱক দুজনে ঘৰলৈ ফোনযোগে যোগাযোগ কৰি উভতি অহাৰ কথা জনাইছিল ৷ উক্ত ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে যুৱক দুজন ৷

গোৱালপাৰাত দীৰ্ঘদিনে সন্ধানহীন দুজন যুৱক

নিশা পৰিয়ালৰ লোকে যুৱক দুজনৰ বিচাৰ খোচাৰ কৰাৰ পিছত কোনো সন্ধান লাভ নকৰাত ঘটনাৰ পিছদিনা চানমিঞাৰ ভাতৃ মাজম আলীয়ে মৰনৈ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰি ঘটনা সংঘটিত হোৱাৰ পাঁচদিন পিছতহে পঞ্জীয়ন কৰে গোচৰটো ৷ মাজম আলীয়ে এজাহাৰত হেলাপাখৰীৰ সুজল হক,ছকমান আলী,ডোপতলাৰ ৰিংকু,কাৰবলাৰ শ্বাহজাহান আলী,মৌখোৱা চৰৰ নজমূল হক,ময়লা পথাৰৰ আওৱাল শ্বেখ এই ঘটনাত জড়িত বুলি উল্লেখ কৰে ৷ এইসকল লোকে নিৰুদ্দিষ্ট যুৱক দুজনক অজ্ঞাত স্থানত ৰাখি যুৱকদ্বয়ে ব্যৱহাৰ কৰা বাহন দুখন বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে,শ্বাহজাহান আলী পেচাত এগৰাকী ৰাজমিস্ত্ৰী হোৱাৰ বিপৰীতে চানমিঞাই ভাতৃৰ কয়লা ব্যৱসায়ত সহায় কৰি আহিছিল ৷ দুজনকৈ যুৱক নিৰুদ্দেশ হোৱাত পৰিয়াল দুটাৰ মাজত উঠিছে কান্দোনৰ ৰোল ৷ যুৱক দুজনৰ সন্ধান উলিয়াই দিবলৈ আৰক্ষীক অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়াল দুটাই ৷

লগতে চাওকঃসম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি

Last Updated : Jan 2, 2021, 12:03 PM IST

ABOUT THE AUTHOR

...view details