অসম

assam

৩০ লাখ টকাৰ অলংকাৰসহ ৬ টা চোৰ গ্ৰেপ্তাৰ

By

Published : Sep 20, 2022, 2:29 PM IST

গোৱালপাৰা আৰক্ষীৰ জালত পৰিল ৬ জনীয়া এটা চোৰৰ দল (Thief arrested in Goalpara)। আৰক্ষীৰ অভিযানত চোৰকেইটাৰ লগতে ৩০ লাখ টকাৰ সোণ আৰু ৰূপৰ অলংকাৰ জব্দ । গোৱালপাৰা সদৰ থানাত চোৰকেইটাক জেৰা অব্যাহত আৰক্ষীৰ ।

Goalpara
৩০ লাখ টকাৰ অলংকাৰসহ ৬ টা চোৰ গ্ৰেপ্তাৰ

গোৱালপাৰা,২০ ছেপ্টেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো চোৰৰ উপদ্ৰৱ অব্যাহত আছে । অৱশ্যে অসম আৰক্ষীয়েও চোৰৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে (Goalpara police operation against thief)। তেনে অভিযানৰ মাজতে গোৱালপাৰাত গ্ৰেপ্তাৰ ৬ টা চোৰ (6 thief arrested in Goalpara)।

গ্ৰেপ্তাৰ হোৱা চোৰকেইটা ক্ৰমে জহিৰুল হ'ক, নুৰ আলম, আব্দুল কৰিম, গোপাল দাস আৰু অমিত বিশ্বাস বুলি জানিব পৰা গৈছে ।গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩০ লাখ টকাৰ সোণ আৰু ৰূপৰ অলংকাৰসহ চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Jewellery worth Rupees 30 lakh recovered)।

উল্লেখ্য যে গোৱালপাৰা চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । যাৰ বাবে আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

শেহতীয়াকৈ সংঘটিত এক চুৰিকাণ্ডৰ তদন্তৰ সময়তে চোৰকেইটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । গোৱালপাৰা সদৰ আৰক্ষী থানাৰ বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত গঠিত আৰক্ষীৰ এটা দলে অভিযান চলাই চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চোৰকেইটাৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰৰ উপৰিও নগদ ৪৭ হাজাৰ টকা, এখন চাৰিচকীয়া বাহন, এখন স্কুটী, এটা লেপটপ আৰু ১১ টাকৈ মোবাইল জব্দ কৰিছে আৰক্ষীয়ে ।

৩০ লাখ টকাৰ অলংকাৰসহ ৬ টা চোৰ গ্ৰেপ্তাৰ

আৰক্ষীৰ এক বিশেষ সূত্ৰই সদৰি কৰা মতে এই চোৰৰ দলটোৰ নেতৃত্ব দিছিল কেইবাটাও চুৰি আৰু হত্যাকাণ্ডৰ অভিযুক্ত হাছানুৰ হক নামৰ লোকজনে । চোৰৰ দলটোত থকা গোপাল দাস আৰু অমিত বিশ্বাসে গহনাবোৰ বিক্ৰী কৰাত জড়িত আছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

ঘটনা সন্দৰ্ভত গোৱালপাৰা আৰক্ষীয়ে ২০১/২২ নম্বৰত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে চোৰ কেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে । গোৱালপাৰা সদৰ থানাৰ আৰক্ষী বিষয়া দেৱজিৎ দাসে জনোৱা মতে চোৰৰ দলটোত আৰু বহু সদস্য আছে । ইতিমধ্যে তেওঁলোকক বিচাৰিও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ৰঙিয়াত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন

ABOUT THE AUTHOR

...view details