নগৰবেৰা,4 এপ্ৰিলঃ"ছিণ্ডিকেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আৰম্ভ হৈছে ন ন ছিণ্ডিকেট । 2018 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যৰ পাৰঘাটসমূহ বন্ধ ৰখাত উক্ত পাৰঘাটসমূহৰ নামত চলিছে বৃহৎ ছিণ্ডিকেট । চৰকাৰী পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলাৰ বাবেই কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে চৰকাৰে ।" এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷
উল্লেখ্য যে,উত্তৰ গুৱাহাটীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাচতে নিৰাপত্তাজনিত কাৰণত 2018 বৰ্ষৰ 7 ছেপ্তেম্বৰৰ পৰাই ৰাজ্যত বন্ধ হৈ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাটসমূহ । কিন্তু পাৰঘাটসমূহ বন্ধ ৰখা দেখুৱালেও চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এটা চক্ৰই নিৰ্বিবাদে চলাই গৈছে এনে পাৰঘাটসমূহ । সেয়েহে পাৰঘাটৰ নামত ৰাজ্যত ছিণ্ডিকেট আৰম্ভ কৰি দৈনন্দিন সংগ্ৰহ কৰা লাখ লাখ টকা জল পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে হৰণ-ভগন কৰি ইয়াৰ ভাগ দিছপুৰীয়া সকলেও লয় বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ যাৰ ফলত চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলি জনায় সন্থাটোৱে । আনহাতেএকমাত্ৰ ছিণ্ডিকেট চক্ৰটোক বৰ্তাই ৰখাৰ স্বাৰ্থতে আজি পৰ্যন্ত পাৰঘাটসমূহৰ নতুনকৈ ঠিকা আহ্বান কৰা হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ।