অসম

assam

By

Published : Sep 11, 2019, 7:07 PM IST

ETV Bharat / state

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান ৷ গোপন সূত্ৰৰ পম খেদি চহৰ খনৰ ভালুকডুবিত বৃহৎপৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে চাৰিগৰাকী কৈ ড্ৰাগছ ব্যৱসায়ীক ৷

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গোৱালপাৰা,11 চেপ্তেম্বৰ: গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ সফল অভিযান ৷ গোপন সূত্ৰৰ পম খেদি চহৰ খনৰ ভালুকডুবিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে চাৰিগৰাকী কৈ ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ব্যৱসায়ীকেইজন ক্ৰমে,ইজাজ আলী,নিকেন দাস,চমক সেন গুপ্তা আৰু জীৱন চৌধুৰী বুলি জানিব পৰা গৈছে ৷

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চহৰখনৰ ভালুকডুবিৰ বাছৰ পৰা ড্ৰাগছ ব্যৱসায়ী কেইজন নমাৰ পাছতেই পূৰ্বৰে পৰা খাপ পিটি থকা এটা আৰক্ষীৰ দলে কৰায়ত্ব কৰে চাৰিওগৰাকীক ৷ ড্ৰাগছ ব্যৱসায়ী কেইজনৰপৰা আৰক্ষীয়ে ড্ৰাগছসহ ১০ টাকৈ কণ্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে ৷

ABOUT THE AUTHOR

...view details