অসম

assam

By

Published : Oct 1, 2020, 5:52 PM IST

ETV Bharat / state

গোৱালপাৰাত পঞ্চায়ত সভানেত্ৰীক আক্ৰমণ

কেৱল সভানেত্ৰীগৰাকীকে নহয় যুৱকজনে তেওঁৰ কন্যাকো আক্ৰমণ কৰা বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে । যুৱকজনক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো যুৱকজন শান্ত নহয় । ইয়াৰোপৰি মহিলাগৰাকীৰ কন্যাক গণধর্ষণ কৰি হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰা বুলি অভিযোগ কৰে সভানেত্ৰী মাৰাকে ।

Goalpara
গোৱালপাৰা

গোৱালপাৰা,1 অক্টোবৰ : গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত হাৰিমুৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীক প্ৰহাৰৰ অভিযোগ সভানেত্ৰীগৰাকীৰ ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ২৮ ছেপ্টেম্বৰত হাৰিমূৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফ্ৰেজিলিনা মাৰাকৰ ঘৰত ৰাস্তাৰ কামৰ বাবে ৰেজিষ্টাৰত চহী ল'বলৈ আহে ৰিংকু নামৰ এজন যুৱক । কিন্তু ৱাৰ্ডৰ সদস্যৰ সৈতে আলোচনাৰ পিছত চহী দিব পাৰিম বুলি কোৱা বাবে ৰিংকু নামৰ যুৱকজনে মাৰাকক উপৰ্যুপৰি মূৰত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে সভানেত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃদিবন ডেকা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

কেৱল সভানেত্ৰীগৰাকীকে নহয় যুৱকজনে তেওঁৰ কন্যাকো আক্ৰমণ কৰা বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে । যুৱকজনক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো যুৱকজন শান্ত নহয় । ইয়াৰোপৰি মহিলাগৰাকীৰ কন্যাক গণধর্ষণ কৰি হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰা বুলি অভিযোগ কৰে সভানেত্ৰী মাৰাকে ।

গোৱালপাৰাত পঞ্চায়ত সভানেত্ৰীক আক্ৰমণ

ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰনৈ থানাত এখন এজাহাৰ দাখিল কৰিছে মাৰাকে । লগে লগে মৰনৈ থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সভানেত্ৰী ফ্ৰেজিলিনা মাৰাকৰ ঘৰত আহি উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ লগতে কেচ ৰেজিষ্টাৰ কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ আছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details