গোৱালপাৰা, 29 অক্টোবৰ:মিঞা মিউজিয়ামক লৈ বিধায়ক ৰচিদ আলমে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিজেপি যুৱ মৰ্চাৰ ৷মিঞা মিউজিয়ামৰ সপক্ষে বিধায়ক গৰাকীয়ে মন্তব্য কৰাৰ প্ৰতিবাদস্বৰূপে গোৱালপাৰাত বিধায়ক এ কে ৰচিদ আলমৰ পুত্তলিকা দাহ । বৃহস্পতিবাৰে বিজেপি যুৱ মৰ্চাৰ গোৱালপাৰা জিলা কমিটিয়ে গোৱালপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছ বিধায়ক এ কে ৰচিদ আলমৰ পুত্তলিকা দাহ কৰে ৷
মিঞা সংগ্ৰহালয় সমৰ্থন কৰি বিপদত বিধায়ক এ কে ৰচিদ - বিধায়ক এ কে ৰচিদ আলমৰ পুত্তলিকা দাহ
গোৱালপাৰাত বিধায়ক এ কে ৰচিদ আলমৰ পুত্তলিকা দাহ । বিজেপি যুৱ মৰ্চাই বিধায়ক গৰাকীৰ পুত্তলিকা দাহ কৰে ৷ মিঞা মিউজিয়ামৰ সপক্ষে বক্তব্য দিয়াৰ প্ৰতিবাদস্বৰূপে বিধায়ক গৰাকীৰ পুত্তলিকা দাহ ৷
বিধায়ক এ কে ৰচিদ আলমৰ পুত্তলিকা দাহ
গোৱালপাৰা চহৰৰ নতুন বজাৰত বিজেপি জিলা কমিটিৰ অৰ্ধশতাধিক সদস্যই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । বিধায়ক গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে। জিলা সভাপতি ধনজীৱ ৰাভাই এনে ধৰণৰ মন্তব্য দিয়াৰ পৰা দূৰত থাকিবলৈ বিধায়ক গৰাকীক সকীয়নি দিয়ে । দেহত শেষ বিন্দু তেজ থকা লৈকে অসমত মিঞা মিউজিয়াম হ'বলৈ নিদিও বুলিও প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক:স্বাস্থ্য বিভাগৰ ক’ভিড যোদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !