গোৱালপাৰা, 2 মাৰ্চ :বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছৰে পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰা বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন । নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত নিৰ্বাচন । মঙলবাৰে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই এখন সংবাদমেল আয়োজন কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত অৱগত কৰে ৷ জিলা উপায়ুক্তই সদৰি কৰা অনুসৰি, গোৱালপাৰাত চাৰিটা সমষ্টিৰ প্ৰাৰ্থীক ১২ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ মনোনয়ন পত্ৰ প্ৰদান কৰা হ’ব । ২০ মাৰ্চত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ’ব ।
নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল
গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু জিলা প্ৰশাসন । জিলাখনত মুঠ ১,০৫৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ লগতে অতিৰিক্তভাবে ১৫৫ সহযোগী কেন্দ্ৰ স্থাপন কৰা হৈছে । সংবাদমেলত এই ঘোষণা জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ ।
গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভাৰ সমষ্টিৰ ৩৬ নং দুধনৈ (অনুসূচীত জনজাতি) সমষ্টিত ২৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২৫ টা সহযোগী কেন্দ্ৰক ধৰি মুঠ ২৯২ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিত ৩১২ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ২৭৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৩৬ টা সহযোগী কেন্দ্ৰ । একেদৰে ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিত ২৫৮ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৪৬ টা সহযোগী কেন্দ্ৰ । সমান্তৰালকৈ ৩৯ নং জলেশ্বৰ সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২৩৩ টা ৷ ইয়াৰে ১৯০ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৪৩ টা সহযোগী কেন্দ্ৰ । সংবাদমেলত জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকৰ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া ।
লগতে পঢ়ক :শ্ৰমিকৰ সৈতে মত বিনিময় চামেলিৰূপী প্ৰিয়ংকা গান্ধীৰ