গোৱালপাৰা,১৫ মে' :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ ছাত্ৰী ছাৰমিন হাছনাত। চৰকাৰী বিদ্যালয়ৰ মান অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় গোৱালপাৰাৰ ছাৰমিন ।
চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীৰ সাফল্যঃ ষষ্ঠ স্থানত গোৱালপাৰাৰ ছাৰমিন - ছাৰমিন হাছনাত
গোৱালপাৰা চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ ছাত্ৰী ছাৰমিন হাছনাতে ৫৮৮ নম্বৰ লাভ কৰি ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয় । ৰবিউল ইছলাম আৰু হাছিনা আমিন চুলতানাৰ কন্যা ছাৰমিন যেতিয়া মন গৈছিল তেতিয়াই পঢ়া-শুনা কৰিছিল বুলি জনায়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠস্থানত উজলিল গোৱালপাৰাৰ ছাৰমিন হাছনাত
ছাত্ৰীগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰীসকল । ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন পুহি ৰখা ছাৰমিনৰ অধ্যয়নত পূৰ্ণ সহযোগ কৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পিতৃ-মাতৃয়ে । ৰবিউল ইছলাম আৰু হাছিনা আমিন চুলতানাৰ কন্যা ছাৰমিন যেতিয়া মন গৈছিল তেতিয়াই পঢ়া-শুনা কৰিছিল বুলি জনায়। লগতে গোৱালপাৰা চহৰতে উচ্চতৰ মাধ্যমিকৰ শিক্ষাও গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ছাত্ৰীগৰাকীয়ে ।