এন আৰ চি কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ চাৰিজনকৈ কৰ্মী - গ্ৰেপ্তাৰ
বায়মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা 80 টকাকৈ লোৱাৰ অভিযোগ । আৰক্ষীয়ে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক
গোৱালপাৰা, 10 আগষ্ট : গোৱালপাৰা ধূপধৰা NRC কেন্দ্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল চাৰিজনকৈ বায়’মেট্ৰিক টীমৰ কৰ্মী । বায়’মেট্ৰিকৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা 80 টকাকৈ লোৱাৰ অভিযোগ । আৰক্ষীয়ে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক ৷ কামৰূপৰ সোণতলীৰ পৰা এন আৰ চিৰ শুনানীলৈ অহা কেইবাগৰাকী ব্যক্তিৰ পৰা শুনানী গ্ৰহণ কৰাৰ অন্তত বায়'মেট্ৰিক গ্ৰহণ কৰে ৷ বায়'মেট্ৰিক গ্ৰহণ কৰাৰ অন্তত বায়’মেট্ৰিকত নিয়োজিত কৰ্মীয়ে প্ৰতিজন ব্যক্তিৰ পৰা অবৈধভাৱে 80 টকাকৈ সংগ্ৰহ কৰে ৷ টকা দিবলৈ সন্মত নোহোৱা ব্যক্তিসকলৰ লগত বায়’মেট্ৰিক কৰ্মীয়ে তৰ্কত লিপ্ত হয় ৷ পিচত ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীক জনোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু এগৰাকী মহিলাসহ চাৰিগৰাকী বায়’মেট্ৰিক কৰ্মীক আটক কৰি ধূপধৰা থানালৈ লৈ আনে ৷ এই সন্দৰ্ভত ধূপধৰা থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷