অসম

assam

By

Published : Nov 11, 2020, 5:23 PM IST

ETV Bharat / state

গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকানঘৰ

গোৱালপাৰা চহৰৰ বাখুপাৰাত ভয়াবহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত দুখনকৈ দোকানঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত ।

Fire broke out at Goalpara
গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকানঘৰ

গোৱালপাৰা, 11 নৱেম্বৰ : গোৱালপাৰা চহৰৰ বাখুপাৰাত ভয়াবহ অগ্নিকাণ্ড । কাহিলি পুৱা 3 বজাত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত দুখনকৈ দোকানঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে 5 খন মটৰ চাইকেল সহ দোকানৰ পাৰ্টছ জুইত জাহ যায় । স্থানীয় লোকে ঘটনা সংঘটিত হোৱাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱা বাবে জুই নুমাবলৈ সক্ষম নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকানঘৰ

ইপিনে এখন দোকানৰ ভিতৰত থকা 5 খনকৈ মটৰ চাইকেল সহ প্ৰায় কেইবা লক্ষাধিক টকাৰ পাৰ্টছ সম্পূৰ্ণৰূপে জুইত জাহ যায় । ঘটনাস্থলীত পুৱাৰ ভাগত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় যদিও অগ্নি সংযোগ হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কোনো দুস্কৃতিকাৰীয়ে এই কাণ্ড সংঘটিত কৰিছে ৷

গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকানঘৰ

লগতে পঢ়ক :বিজেপিলৈ গমন কৰিব নেকি গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে !

For All Latest Updates

ABOUT THE AUTHOR

...view details