অসম

assam

ETV Bharat / state

Elephant stuck in pond: বন বিভাগৰ তৎপৰতাত প্ৰাণৰক্ষা 3 টাকৈ বন্যহস্তীৰ

গোৱালপাৰাত নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল তিনিটাকৈ বন্যহস্তী(Elephant stuck in pond) ৷ এটা দ’ খাৱৈৰ পৰা বন বিভাগে উদ্ধাৰ কৰিলে বন্যহস্তীকেইটা ৷ বন্যহস্তীৰ এটা বৃহৎ জাকে অঞ্চলটোত প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱাত স্থানীয় লোকে বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰখাৰ মাজতে দ’ খাৱৈত পৰি আৱদ্ধ হৈ পৰে বন্যহস্তীকেইটা (Wild Elephant Menace in Goalpara) ৷

By

Published : Oct 22, 2022, 12:28 PM IST

Elephant stuck in pond
বন বিভাগৰ তৎপৰতাত প্ৰাণৰক্ষা 3 টাকৈ বন্যহস্তীৰ

গোৱালপাৰা, 22 অক্টোবৰ: গোৱালপাৰাৰ লক্ষীপুৰৰ চৈবাৰীত শুকুৰবাৰে নিশা দ’ খাৱৈত আৱদ্ধ হয় ৩টাকৈ বন্যহস্তী(Elephant stuck in pond) ৷ বন্যহস্তীৰ এটা বৃহৎ জাকে অঞ্চলটোত প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱাত স্থানীয় লোকে জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰখাৰ মাজতে হঠাৎ দ’ খাৱৈত পৰি আৱদ্ধ হৈ পৰে বন্যহস্তীকেইটা(Wild Elephant Menace in Goalpara) ৷ খাৱৈত পৰাৰ পাছতেই বন্যহস্তীকেইটাই মৰণ কাতৰ চিৎকাৰ কৰে ৷

বন বিভাগৰ তৎপৰতাত প্ৰাণৰক্ষা 3 টাকৈ বন্যহস্তীৰ

স্থানীয় লোকে লগে লগে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰে ৷ এই খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । বন বিভাগৰ লোকে দুখনকৈ এক্সেভেটৰৰ সহায়ত তৎকালীনভাৱে বন্যহস্তী তিনিটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Elephant trapped in pond in Goalpara) । উল্লেখ্য যে ইয়াৰ পূৰ্বেও কেইবাবাৰো একেটা দ’ খাৱৈত পৰি আৱদ্ধ হৈছিল কেইবাটাও বন্যহস্তী । শেহতীয়াকৈ জানুৱাৰী মাহত উক্ত খাৱৈত পৰি আৱদ্ধ হৈছিল 6 টাকৈ বন্যহস্তী ৷

ইয়াৰ পূৰ্বেও ডিচেম্বৰ মাহতো খাৱৈটোত পৰি আৱদ্ধ হৈছিল আন 6 টা বন্যহস্তী ৷ উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংজুলিৰ ঘাগ্ৰা পাহাৰত বিগত কেইবাদিন ধৰি বন্যহস্তীৰ এটা জাকে আশ্ৰয় লৈ আছে ৷ প্ৰায় 50 টা হাতীৰ এই জাকটোৱে ওচৰ-পাজৰৰ কেইবাখন গাঁৱত উপদ্ৰৱ চলাই নিদ্ৰাহৰণ কৰিছে গাঁওবাসীৰ(Wild Elephant Menace in Goalpara) ৷ বন্যহস্তীৰ এই জাকটো সন্ধিয়া হ’লেই পাহাৰৰ পৰা নামি আহি শালিধান খাই, গচকি তহিলং কৰে ।

শুকুৰবাৰৰ নিশাও বন্যহস্তীৰ দলটোৱে খলেপাৰাৰ ধাননি পথাৰত প্ৰৱেশ কৰি বৃহৎ ভূমিৰ শালিধান খাই গচকি তহিলং কৰে । বন্যহস্তীৰ জাকটোৰ উপদ্ৰৱত উপায়ন্ত হৈ সন্ধিয়া হোৱাৰ লগে লগে গাঁওসমূহৰ একাংশ লোকে হাতে হাতে লাঠি, জোং লৈ বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে(Man-elephant conflict in Goalpara) ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা হঠাতে দ’ খাৱৈত পৰি আৱদ্ধ হৈ পৰে হাতীকেইটা ।

লগতে পঢ়ক : Wild Elephant Menace in Goalpara: গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details