অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ ৰোখাপাৰাত সমূহীয়া মৎস চিকাৰ

গোৱালপাৰাৰ ৰোখাপাৰাত সমূহীয়া মৎস চিকাৰ(Community fishing in Goalpara)। পুৱাৰে পৰাই হাজাৰ হাজাৰ লোক জাকৈ,পল',জাল লৈ ব্যস্ত মৎস চিকাৰত । চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও আহিল মাছ ধৰিবলৈ । কোনোৱে ডাঙৰ বৰালি ধৰি আনন্দত মতলীয়া হৈছে,আন কোনোৱে আকৌ মাছ মাৰিবলৈ গৈ সাঁতুৰি আনন্দ লাভ কৰিছে । মুঠৰ ওপৰত গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি পৰিস্ফুত হৈছে ৰোখাপাৰা শিঙিমাৰী বিলত ।

By

Published : Aug 27, 2022, 6:47 PM IST

Community fishing in Goalpara
গোৱালপাৰাৰ ৰোখাপাৰাত সমূহীয়া মৎস চিকাৰ

গোৱালপাৰা, ২৭ আগষ্ট: ৰাজ্য়ত শৰতৰ লগে লগে শুকাবলৈ আৰম্ভ কৰিছে নৈৰ উপৰি জান,বিল,পানীৰে পৰিপূৰ্ণ জলাশয়সমূহ। পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে সমূহীয়া ভাবে মাছ ধৰাৰ হাবিয়াসো বাঢ়িবলৈ ধৰিছে ৷ গোৱালপাৰা জিলাৰ বালিজানাতো শনিবাৰে ৰাইজে পল',জাল লৈ বিলত নামি ধৰিলে মাছ(Community fishing in Balijanabill)।

গোৱালপাৰাৰ ৰোখাপাৰাত সমূহীয়া মৎস চিকাৰ

যিসময়ত সীমান্ত বিবাদৰ নামত একাংশই বিভেদৰ ৰাজনীতি কৰিছে তেনে সময়তে গোৱালপাৰাত অসম আৰু মেঘালয়ৰ ৰাইজে(People of Assam and Meghalaya)দেখুৱাইছে সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন(Community fishing in Goalpara)। ৰোখাপাৰা শিঙিমাৰী বিলত সমূহীয়া মৎস্য চিকাৰ কৰি দুয়োখন ৰাজ্য়ৰ ৰাইজে দাঙি ধৰিছে ভাতৃত্ববোধৰ পৰিচয়(Brotherhood of Assam-Meghalaya)৷ পুৱাৰে পৰা একেলগে মাছ ধৰাৰ আনন্দত মতলীয়া হ'ল দুয়োখন ৰাজ্য়ৰ লোকসকল ।

গোৱালপাৰা জিলাৰ বালিজানা পঞ্চায়তৰ অন্তৰ্গত ৰোখাপাৰা শিঙিমাৰী বিলত সমূহীয়া মৎস্য চিকাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰছে । উল্লেখ্য যে উক্ত বিলখনত গণৰাজ্য় দিৱসৰ দিনা ৰাইজৰ সমূহীয়া মৎস্য চিকাৰ কৰাৰ এক পৰম্পৰা চলি আহিছে । কিন্তু ক'ভিডকালিন (Covid in Assam)পৰিস্থিতিৰ বাবেই বিগত দুবছৰে সমূহীয়া মৎস্য চিকাৰ স্থগিত ৰখা হৈছিল ।

সেয়েহে আজি বিলখনত আগিয়া অঞ্চলৰ লগতে ৰংজুলি,দৰংগিৰি,দূধনৈ,কৃষ্ণাই,লক্ষীপুৰ,ভালুক ডুবিকে ধৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ লোকে মৎস্য চিকাৰত অংশগ্ৰহণ কৰে । তদুপৰি মেঘালয়ৰ পৰাও বহু পুৰুষ-মহিলা যুৱক-যুৱতীয়ে হাতে হাতে জাল,জাখৈ,পল' আদি মাছ মৰা সজুলি লৈ বিলখনত মৎস্য চিকাৰ কৰে । মাছুৱৈ সকলে সমূহীয়া মৎস্য চিকাৰত পুঠি,খলিহনা,বৰালী ৰৌ,মাগুৰ,ভকুৱা আদি মাছ ধৰি আনন্দ উপভোগ কৰে ।

লগতে পঢ়ক:শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details