ৰাজ্যজুৰি ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদত ব্যাহত পাঠদান
ঠিকা ভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৷ ব্যাহত পাঠদান প্ৰক্ৰিয়া । কাজেই বিদ্যালয় চৌহদত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।
গোৱালপাৰা, 6 আগষ্ট: অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ঠিকা ভিত্তিক শিক্ষক সকলৰ সমস্যা সমাধান নকৰাত এতিয়া জীয়াতু ভুগিছে শিক্ষাৰ্থীসকলে ৷ গৰমৰ বন্ধ শেষ হোৱাৰ পিছতো ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ত বন্ধ হৈ আছে পাঠদান ৷ সোমবাৰে পাঠদান বন্ধ হৈ থকাৰ বাবে প্ৰতিবাদত নামিল পশ্চিম গোৱালপাৰাৰ আমবাৰী বজাৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকল ৷ কাৰণ বিদ্যালয় খনৰ ঠিকা ভিত্তিক শিক্ষক সকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বন্ধ হৈ আছে পাঠদান ৷ ফলত শিক্ষাৰ অধিকাৰ, শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে ৷ একেই পৰিবেশ লক্ষীপুৰ ছোৱালী হাইস্কুলতো ৷ বন্ধ হৈ আছে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান ৷