ডিমা হাছাও, ১৬ ডিচেম্বৰ: বিভিন্ন ভাবুকি দি কিশোৰী সৰবৰাহৰ কু-পৰিকল্পনা কৰিছে নাৰী সৰবৰাহকাৰী চক্ৰই । এই ডিমা হাছাও জিলাত এনে এক ঘটনা পোহৰলৈ আহিছে(Minors escapes from trafficking racket in Dima Hasao) । নাৰী সৰবৰাহকাৰীৰ জালৰ পৰা কথমপি ৰক্ষা পৰে জিলাখনৰ দুগৰাকী কিশোৰী(Silchar girls escapes from trafficking racket) । জানিব পৰা মতে, অটো চালক তথা হাফলং অটোৰিক্সা ৱেলফেয়াৰ এছ'চিয়েছনৰ সভাপতি ডেভিদ যৌথে নিউ হাফলং ৰে'ল ষ্টেচনত কিশোৰী দুগৰাকীক তেওঁৰ অটোখনেৰেই হাফলং চহৰলৈ লৈ আনে ।
ইয়াৰ পাচতে কিশোৰী দুগৰাকীয়ে তেওঁলোকক হাফলঙৰ কোনোবা এখন হোটেলত থৈ আহিবলৈ ডেভিদ যৌথক কয় । ডেভিডে তেওঁলোকক হোটেলত থ'বলৈ যায় যদিও উপযুক্ত পৰিচয় পত্ৰ নথকাৰ বাবে কোনো হোটেলতে তেওঁলোকে থাকিব নোৱাৰিলে । কিন্তু দুই গৰাকী ছাত্ৰীৰ কথা-বাৰ্তা শুনি অটো চালক ডেভিদ যৌথৰ সন্দেহ ওপজে আৰু তেওঁ দুয়োকে নিজৰ ঘৰলৈ লৈ যায় । কিশোৰী দুগৰাকীয়ে জনোৱা মতে, তেওঁলোকৰ ওচৰত ২৫ হাজাৰ টকা আছে ।
ইয়াৰ পাচত ডেভিদৰ মনত সন্দেহ বাঢ়ে । কিশোৰী দুগৰাকীৰ লগত থকা এখন ডায়েৰীত এটা মোবাইল নম্বৰ পাই তেওঁ যোগাযোগ কৰে । উক্ত নম্বৰটো আছিল কাছাৰ আৰক্ষীৰ এগৰাকী বিষয়াৰ ।
ডেভিদ যৌথে এই বিষয়ে আৰক্ষী বিষয়াগৰাকীক অৱগত কৰে । ইয়াৰ পাচত আৰক্ষীয়ে জনায় যে, শিলচৰ ভগৎপুৰস্থিত ঘৰৰ পৰা এই দুগৰাকী কিশোৰী পলাই গৈছে । কাছাৰ আৰক্ষীয়ে লগে লগে হাফলং আৰক্ষীৰ লগত যোগাযোগ কৰে । পিচত ডেভিদ যৌথে কিশোৰী দুগৰাকীক হাফলং থানালৈ লৈ যায় ।