অসম

assam

By

Published : Apr 3, 2022, 8:09 PM IST

ETV Bharat / state

ভূৱা প্ৰমাণপত্ৰৰে শিক্ষয়ত্ৰীয়ে কৰিলে এম.ফিলৰ লগতে চাকৰি নিয়মীয়াকৰণ !

হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ৰ বিভাগৰ এগৰাকী শিক্ষয়ত্ৰী বিৰুদ্ধে গুৰুত্বৰ অভিযোগ(Allegation against Haflong teacher) ৷ ভূৱা প্ৰমাণপত্ৰ লৈ এম ফিল আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

allegation-against-haflong-teacher
ভূৱা প্ৰমাণপত্ৰৰে শিক্ষয়ত্ৰীয়ে কৰিলে এম ফিল আৰু চাকৰি নিয়মীয়াকৰণ !

ডিমা হাছাও 3 এপ্ৰিল :হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ৰ বিভাগৰ এগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে তফচিলি উপজাতি পাৰ্বত্যৰ ভূৱা প্ৰমাণপত্ৰ (Fake caste certificate) লৈ এম ফিল আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ গুৰুতৰ অভিযোগ ( mphil degree with fake documents)। হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ৰ শিক্ষয়ত্ৰী ববিতা বৰুৱা ইংতিপি বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ (Allegation against Haflong teacher) ৷

ভূৱা প্ৰমাণপত্ৰৰে শিক্ষয়ত্ৰীয়ে কৰিলে এম ফিল আৰু চাকৰি নিয়মীয়াকৰণ !

অভিযোগ মতে, দীর্ঘদিন ধৰি বহিঃজিলাৰ পৰা সময়ে সময়ে সমতলীয়া জনগোষ্ঠীৰ লোকসকলে তফচিলি উপজাতি পাৰ্বত্য হোৱাৰ ভূঞা প্ৰমাণপত্ৰ লৈ চৰকাৰী চাকৰি বা অন্যান্য সুযোগ সুবিধা গ্ৰহণ কৰি আহিছিল শিক্ষয়ত্ৰী ববিতা বৰুৱা ইংতিপিয়ে ৷ 2006 চনত এপিএছচি(SSC)ৰ বাছনি তালিকা মাৰফত তফচিলি উপজাতি পাৰ্বত্য কেটেগৰিত তেওঁৰ বৰ্তমানৰ অসমীয়া বিভাগৰ শিক্ষয়ত্ৰী পদৰ নিয়মীয়াকৰণ হয় ।

ভূৱা প্ৰমাণপত্ৰৰে শিক্ষয়ত্ৰীয়ে কৰিলে এম ফিল আৰু চাকৰি নিয়মীয়াকৰণ !

কেৱল এয়াই নহয় গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ববিতা বৰুয়া ইংতিপিয়ে উপজাতি তফচিলি পাৰ্বত্য প্ৰমাণপত্ৰ লৈ এমফিল কৰিছিল বুলিও অভিযোগ উত্থাপন কৰা হৈছে । কাৰণ এম ফিলৰ সাধাৰণ কেটেগৰিৰ নামভৰ্তিৰ বাবে প্ৰয়োজন 55 শতাংশ নম্বৰ কিন্তু ববিতা বৰুৱা ইংতিপিয়ে 50 শতাংশ নম্বৰ লাভ কৰি কেনেকৈ এই পৰীক্ষাৰ বাবে নামভৰ্তি কৰিলে তাক লৈ এতিয়া সকলোৰে মনত এক প্ৰশ্নৰ উদয় হৈছে ৷

সেয়ে সম্প্ৰতি এই বিষয়টোক লৈ সৰৱ হৈ উঠিছে ডিমাছা ষ্টুডেন্টস ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুং ৷ এক সংবাদমেলযোগে সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, এনে ধৰণৰ কাম কেতিয়াও সহ্য কৰা নহ'ব তেওঁ উল্লেখ কৰি হাফলংৰ এগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে তফচিলি উপজাতি পাৰ্বত্য প্ৰমানপত্ৰ লৈ চাকৰি নিয়মিতকৰন কৰাৰ অভিযোগ আমি পাইছো বিষয়টো আমি চোৱা চিতা কৰি আছো আৰু এনেকুৱা জালিয়তি কামৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত আৰু এই গৰাকী শিক্ষয়ত্ৰী দোষী প্ৰমাণিত হ'লে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা নিলম্বন কৰা উচিত বুলি মন্তব্য কৰে প্ৰমিত চেংয়ুংয়ে ।

ইফালে, ববিতা বৰুৱা ইংতিপিৰ বিৰুদ্ধে উত্থাপিত হোৱা আটাইবোৰ অভিযোগ তেওঁ নস্যাৎ কৰি কয় যে, "আমি কেতিয়া কোনো ঠাইত নিজকে তফচিলি উপজাতি পাৰ্বত্য বুলি উল্লেখ কৰা নাই ।" লগতে এম ফিল ডিগ্ৰীৰ সন্দৰ্ভত শিক্ষয়ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে, "আমি এমফিল ডিগ্ৰীৰ বাবে তফচিলি উপজাতি পাৰ্বত্য কেটেগৰিৰ আশ্ৰয় লোৱা নাই । এমফিল ডিগ্ৰীৰ বাবে তফচিলি উপজাতি পাৰ্বত্য কেটেগৰিৰ কেতিয়াও আশ্ৰয় লোৱা নাই ।"

কেৱল এয়াই নহয় তেওঁ হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা হিচাপে দায়িত্বত থকা অৱস্থাত তেওঁ স্বাক্ষৰ কৰা এখন পত্ৰত নিজকে তফচিলি উপজাতি পাৰ্বত্য (ST Hills) হিচাপে উল্লেখ কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে ।

লগতে পঢ়ক :তিনি পাৰ্বত্য জিলাত আফস্পা বাহাল ৰখাক লৈ ASDCৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details