ETV Bharat Assam

অসম

assam

ETV Bharat / state

হাফলঙৰ ট্ৰেজাৰী কাৰ্যালয়ত অনিয়মৰ অভিযোগ - scam

হাফলং ট্ৰেজাৰী কাৰ্যালয়ৰ বিষয়ান হীৰেন সিঙৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ ৷ বিষয়া গৰাকীয়ে উৎকোচ নিদিলে ঠিকাদাৰৰ চেক পাছ নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ঠিকাদাৰে ৷

অনিয়মৰ অভিযোগ
অনিয়মৰ অভিযোগ
author img

By

Published : Sep 19, 2020, 6:49 PM IST

ডিমা হাচাও, 19 চেপ্তেম্বৰ: উৎকোচ নিদিলে চেক পাছ নহয় হাফলং ট্ৰেজাৰী কাৰ্যালয়ত ৷ দীৰ্ঘদিনৰ পাৰই কাৰ্যলয়টোত এনে ধৰণৰ অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ ভুক্তভোগীৰ ৷ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে হাফলং ট্ৰেজাৰী কাৰ্যালয়ৰ হীৰেন সিং নামৰ বিষয়া গৰাকীক 2 হাজাৰ টকা নিদিয়াৰ বাবে তেওঁ বিজব কেম্প্ৰাই নামৰ এগৰাকী ঠিকাদাৰৰ চেক পাছ নকৰিলে ৷

হাফলঙৰ ট্ৰেজাৰী কাৰ্যালয়ত অনিয়মৰ অভিযোগ

2 হাজাৰ টকাৰ উৎকোচ বিচৰা বিষয়া গৰাকীক ভুক্তভোগী ঠিকাদাৰ গৰাকীয়ে 1 হাজাৰ টকা দিয়ে যদিও ঠিকাদাৰ গৰাকীৰ চেক পাছ কৰা নহ'ব বুলি কয় ৷ যাৰ বাবে ভুক্তভোগী ঠিকাদাৰ গৰাকীয়ে শনিবাৰে জিলা উপায়ুক্তক এখন লিখিত অভিযোগনামা দাখিল কৰে অভিযুক্ত বিষয়া গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে ৷

লগতে পঢ়ক:ৰাতাবাৰীৰ জলসিঞ্চন প্ৰকল্পৰ আধৰুৱা এক আঁচনি

ABOUT THE AUTHOR

...view details