অসম

assam

ETV Bharat / state

ডিমা হাছাওত পানী যোগান প্ৰকল্পত সংঘটিত দুৰ্নীতিৰ অভিযোগক নস্যাৎ বীৰেণ সিং ইংতিৰ - জিলা প্ৰকল্প অভিযন্তা বিবেকানন্দ পালে

সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰাক লৈ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু সৰ্বশিক্ষা অভিযানৰ জিলা অভিযান সমন্বয়ক বীৰেণ সিং ইংতিয়ে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে ।

PRESSMEET ON WATER SUPPLY SCHEME AT DIMA HASAO
পানী যোগান প্ৰকল্পৰ কামত দুৰ্নীতি হোৱাক লৈ বীৰেণ সিং ইংতিৰ প্ৰতিক্ৰিয়া

By

Published : Aug 5, 2021, 9:51 PM IST

ডিমা হাছাও, ৫ আগষ্ট : ডিমা হাছাও জিলাত সৰ্বশিক্ষা অভিযানৰ অধীনত ১৯৮ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ যোগানৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছিল । শেহতীয়াকৈ এই কাম কৰাৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে বুধবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি বীৰেণ সিং ইংতি আৰু জিলা প্ৰকল্প অভিযন্তা বিবেকানন্দ পালে এই সন্দৰ্ভত বিভাগৰ তৰফৰ পৰা স্পষ্টীকৰণ আগবঢ়ায় আৰু এই অভিযোগক ভিত্তিহীন আখ্যা দিয়ে ।

জিলা প্ৰকল্প অভিযন্তা বিবেকানন্দ পালে কয় যে, সৰ্বশিক্ষা অভিযানৰ অধীনত জিলাখনৰ নিম্ন প্ৰথমিক বিদ্যালয়সমূহত খোৱা পানীৰ প্ৰকল্পৰ বাবে বিদ্যালয় পৰিচালনা কমিটীক পুঁজি আবণ্টন দিয়া হৈছিল । প্ৰথমতে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আচৰণ বিধি বলৱৎ থকাৰ বাবে কাম সম্পূৰ্ণ হোৱা নাছিল । তাৰ পিছত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ বাবে বিদ্যালয়বোৰ বন্ধ হৈ আছিল । বিদ্যালয়বোৰ বন্ধ থকাৰ বাবে এই প্ৰকল্পৰ কাম হোৱা নাই বুলি তেওঁ মন্তব্য কৰে । প্ৰকল্পৰ কামত পলম হোৱাৰ অৰ্থ এয়া নহয় যে দুৰ্নীতি সংঘটিত হৈছে ।

পানী যোগান প্ৰকল্পৰ কামত দুৰ্নীতি হোৱাক লৈ বীৰেণ সিং ইংতিৰ প্ৰতিক্ৰিয়া

তেওঁ কয় যে, ইতিমধ্যে এই প্ৰকল্প সফল ৰূপায়ণ কৰাৰ বাবে বিদ্যালয় পৰিচালনা কমিটীৰ বেংক একাউন্টলৈ পুঁজি যোগান ধৰা হৈছে । সংবাদমেলত বিবেকানন্দ পালে কয় যে, বৰ্তমান ক'ভিডসৃষ্ট পৰিস্থিতিত আন্তঃজিলা যাতায়ত বন্ধ থকাত কামৰ বাবে শ্ৰমিকৰ অভাৱ আৰু কাৰিকৰী কৰ্মচাৰীৰ অভাৱৰ বাবে কাম কিছু লেহেমীয়া হৈছে । তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, সৰ্বশিক্ষা অভিযানৰ অধীনত জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত খোৱা পানীৰ ব্যৱস্থা কৰাৰ কাম সম্পূৰ্ণ হ'ব আৰু ইয়াত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই ।

আনহাতে, সংবাদমেলত সৰ্বশিক্ষা অভিযানৰ জিলা অভিযান সমন্বয়ক বীৰেণ সিং ইংতিয়ে কয় যে, সামাজিক মাধ্যমত বিগত কিছুদিন ধৰি এই বিষয়ত দুৰ্নীতি সংঘটিত হৈছে বুলি চৰ্চা চলি আছে । সেই বিষয়ে তদন্ত কৰাৰ বাবে এতিয়া বিভাগে এখন কমিটী গঠন কৰি দিছে বুলিও তেওঁ জানিবলৈ দিছে । তেওঁ জনায় যে, এই অভিযোগৰ তদন্ত কৰা হ'ব আৰু কোনো বিষয়া-কৰ্মচাৰী দোষী সাব্যস্ত হ'লে তেনে বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ।

লগতে পঢ়ক :ফুটবল খেল অনুষ্ঠিত কৰি জন্মদিন উদযাপন

ABOUT THE AUTHOR

...view details