ডিমা হাছাও, 14 আগষ্ট : পৃথক হিড়িম্বা ৰাজ্যৰ দাবীত উত্তৰ পূৱৰ উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী চুমুকৈ ডিএনএল (DNLA)ই ঘোষণা কৰা 36 ঘণ্টাৰ বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হ'ল ডিমা হাছাও জিলাত ৷ সংগঠনটোৰ আহ্বানত শনিবাৰে সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল ডিমা হাছাও জিলা ৷ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠটোৱে শনিবাৰৰ পুৱা 5 টা বজাৰ পৰা অসমত এই বন্ধৰ আহ্বান কৰিছিল ৷
উল্লেখ্য যে, উগ্ৰপন্থী সংগঠনটোৱে অসমৰ হোজাই, কাৰ্বি-আংলং, ডিমা হাছাও, আৰু বৰাক উপত্যকাৰ তিনি খন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বন্ধৰ আহ্বান জনাইছিল ৷ কিন্তু ইয়াৰ একমাত্ৰ ডিমা হাছাও জিলাৰ বাহিৰে বাকী 5 খন জিলাত বন্ধৰ কোনো প্ৰভাৱ পৰা দেখা নগ'ল ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ বাহিৰে হোজাই, কাৰ্বি-আংলং, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত জনজীৱন সম্পূৰ্ণৰূপে স্বাভাৱিক দেখা গ'ল ৷
লগতে পঢ়কঃস্বাধীনতা দিৱসৰ প্ৰাকখনত এন ডি আৰ এফৰ ৰাষ্ট্রীয় অভিবাদন